Description
বিশ্বজগতক কোনে সৃষ্টি কৰিছে? মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে
আন আন অনুবাদ 43
বিশ্বজগতক কোনে সৃষ্টি কৰিছে? মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে?
সঁচাকৈ মই সঠিক পথত আছোঁনে?
আকাশমণ্ডল আৰু পৃথিৱী, লগতে ইয়াৰ মাজত থকা মহান সৃষ্টিবোৰ যিবোৰক পৰিবেষ্টন কৰা সম্ভৱ নহয়, এইবোৰক কোনে সৃষ্টি কৰিছে?
আকাশমণ্ডল আৰু পৃথিৱীৰ এই সুক্ষ্ম মজবুত তথা নিখুঁত ব্যৱস্থাপনা কোনে বনাইছে?
মানুহক কোনে সৃষ্টি কৰিছে? কোনে ইয়াক চকু, কাণ আৰু বিবেক-বুদ্ধি প্ৰদান কৰিছে? লগতে কোনে ইয়াক বস্তু চিনি পোৱাৰ আৰু বাস্তৱতা বুজি পোৱাৰ শক্তি প্ৰদান কৰিছে?
আপোনাৰ শৰীৰৰ অংগ-প্ৰত্যংগসমূহৰ মাজৰ এই সুক্ষ্ম ব্যৱস্থাপনা কোনে বনাইছে? লগতে কোনে আপোনাক এই সুন্দৰ আকৃতি প্ৰদান কৰিছে?
সৃষ্টি জীৱৰ মাজৰ পাৰ্থক্য আৰু বৈচিত্ৰ্য লক্ষ্য কৰি চাওকচোন, কোনে ইয়াক সীমাহীন দৃশ্যৰ সৈতে সৃষ্টি কৰিছে?
চিন্তা কৰি চাওকচোন, ইমান বছৰৰ পৰা এই বিশ্বজগতখন সুক্ষ্মভাৱে নিয়ন্ত্ৰণ কৰা নিয়মসমূহৰ সৈতে কিদৰে তেওঁ সুসংগঠিত আৰু স্থিৰ কৰি ৰাখিছে?
এইবোৰ নিয়ম-নীতি কোনে সৃষ্টি কৰিছে, যিবোৰে পৃথিৱীত ৰাজত্ব কৰি আছে, (উদাহৰণস্বৰূপে- জীৱন, মৰণ, বংশবৃদ্ধিৰ বাবে প্ৰজনন ক্ষমতা, দিন-ৰাতি আৰু ঋতুসমূহৰ পৰিবৰ্তন আদি)?
এই বিশ্বজগত নিজে নিজেই অস্তিত্বলৈ আহিছে নেকি? নে অনস্তিত্বৰ পৰা অস্তিত্বলৈ আহিছে? নে আকস্মিকভাৱে উদ্ভৱ হৈছে? মহান আল্লাহে কৈছেঃ﴿أَمْ خُلِقُوا مِنْ غَيْرِ شَيْءٍ أَمْ هُمُ الْخَالِقُونَ (٣٥)أَمْ خَلَقُوا السَّمَاوَاتِ وَالْأَرْضَ بَلْ لَا يُوقِنُونَ﴾সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা?নে আকাশমণ্ডল আৰু পৃথিৱীক সিহঁতে সৃষ্টি কৰিছে? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।(ছুৰা আত-তূৰঃ ৩৫-৩৬)
আমি নিজেই নিজকে সৃষ্টি কৰা নাই, আৰু এইটোও অসম্ভৱ যে, আমি অনস্তিত্বৰ পৰা হঠাৎ অস্তিত্বলৈ আহিছোঁ। গতিকে সত্য হৈছে এইটো য'ত কোনো সন্দেহ নাই যে: এই বিশ্বজগতৰ এজন মহান তথা শক্তিশালী সৃষ্টিকৰ্তা নিশ্চয় আছে, কাৰণ এই বিশ্বজগত নিজে নিজেই সৃষ্টি হোৱাটো অসম্ভৱ, এইদৰে অনস্তিত্বৰ পৰা স্বতঃস্ফূৰ্তভাৱে অস্তিত্ব লাভ কৰাটোও অসম্ভৱ, লগতে হঠাৎ অস্তিত্ব লাভ কৰাটোও এটা অবাস্তৱ কথা।
মানুহে সেইবোৰ বস্তুক কিয় বিশ্বাস কৰে, যিবোৰক সিহঁতে দেখা নাপায়? উদাহৰণস্বৰূপেঃ (উপলব্ধি, বুদ্ধি, আত্মা, অনুভূতি আৰু মুহাব্বত আদি)। এইবোৰক সিহঁতে এইকাৰণে বিশ্বাস নকৰেনে যে, সিহঁতে এইবোৰৰ প্ৰভাৱ দেখা পায়? তেন্তে কিয় মানুহে এই বিশ্বজগতৰ সৃষ্টিকৰ্তাৰ অস্তিত্বক অস্বীকাৰ কৰে, অথচ সিহঁতে তেওঁৰ অস্তিত্বৰ প্ৰভাৱ তেওঁৰ সৃষ্টিজগতৰ মাজত আৰু তেওঁৰ ৰহমত তথা দয়াৰ মাজত দেখিবলৈ পায়?
কোনো বিবেকৱান ব্যক্তিয়েই এই কথা বিশ্বাস নকৰিব, যদি তাক কোৱা হয় যে, এই অট্টালিকাটো নিৰ্মাণ নকৰাকৈয়ে অস্তিত্বলৈ আহিছে। অথবা যদি তাক কোৱা হয় যে, অনস্তিত্বই এই অট্টালিকাটোক অস্তিত্বলৈ আনিছে। যদি এইটো বিশ্বাসযোগ্য নহয় তেন্তে এইটো কেনেকৈ বিশ্বাসযোগ্য যে, এই বিশ্বজগত কোনো সৃষ্টিকৰ্তা নোহোৱাকৈয়ে অস্তিত্বলৈ আহিছে? এজন বিবেকৱান ব্যক্তিয়ে কেনেকৈ এইটো গ্ৰহণ কৰিব যে, বিশ্বজগতৰ এই সুশৃংখল সুদৃঢ় ব্যৱস্থাপনা কোনো সৃষ্টিকৰ্তা নোহোৱাকৈয়ে হঠাৎ অস্তিত্বলৈ আহিছে?
এইবোৰে আমাক এই সিদ্ধান্তলৈ উপনীত কৰে যে, নিশ্চয় এই বিশ্বজগতৰ এজন সৰ্বশক্তিমান প্ৰতিপালক আছে, যিজনে সুক্ষ্মভাৱে ইয়াক পৰিচালিত কৰে। গতিকে একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত। তেওঁৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয়, সেই সকলোবোৰৰ ইবাদত বাতিল। সিহঁত কদাপিও ইবাদতৰ যোগ্য নহয়।
নিশ্চয় সৰ্বশক্তিমান প্ৰতিপালকেই হৈছে সৃষ্টিকৰ্তা
নিশ্চয় আল্লাহেই হৈছে একমাত্ৰ সৃষ্টিকৰ্তা। তেৱেঁই মালিক, তেৱেঁই পৰিচালনাকাৰী আৰু তেৱেঁই জীৱিকাদাতা। তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে। তেৱেঁই পৃথিৱী সৃষ্টি কৰিছে আৰু ইয়াক সুগম কৰি দিছে, লগতে ইয়াক প্ৰাণীজগতৰ বাবে বসবাসযোগী বনাইছে। তেৱেঁই আকাশমণ্ডল সৃষ্টি কৰিছে আৰু তাত ডাঙৰ ডাঙৰ মখলুকাত বনাইছে। তেৱেঁই সূৰ্য্য, চন্দ্ৰ, দিন আৰু ৰাতি বনাইছে, এইবোৰ সুদৃঢ় ব্যৱস্থাপনাই তেওঁৰ মহত্বৰ প্ৰমাণ বহন কৰে।
তেৱেঁই আমাৰ বাবে অক্সিজেন সুলভ কৰিছে, যিটোৰ অবিহনে আমি বাচি থকাৰ কোনো উপায় নাই। তেৱেঁই আমাৰ ওপৰত পানী বৰ্ষণ কৰে আৰু তেৱেঁই নদী আৰু সাগৰসমূহক আমাৰ কামত নিয়োজিত কৰিছে। আমি যেতিয়া মাকৰ গৰ্ভত একেবাৰে দুৰ্বল অৱস্থাত আছিলোঁ, তেতিয়া তেৱেঁই আমাক খাদ্যৰ যোগান ধৰিছে আৰু আমাক সুৰক্ষিত ৰাখিছে। এইদৰে তেৱেঁই আমাৰ জন্মৰ পৰা মৃত্যুলৈকে আমাৰ সিৰা মহাসিৰাসমূহত তেজ প্ৰবাহিত কৰে।
তেৱেঁই হৈছে মহান প্ৰতিপালক, আমাৰ সৃষ্টিকৰ্তা, জীৱিকাদাতা সৰ্বশক্তিমান আল্লাহ।
মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ﴿إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَى عَلَى الْعَرْشِ يُغْشِي اللَّيْلَ النَّهَارَ يَطْلُبُهُ حَثِيثًا وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومَ مُسَخَّرَاتٍ بِأَمْرِهِ أَلَا لَهُ الْخَلْقُ وَالْأَمْرُ تَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ﴾নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। উভয়ে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহ কিমান যে বৰকতময়!(ছুৰা আল-আৰাফঃ ৫৪)
মহান আল্লাহেই হৈছে সৃষ্টিজগতৰ প্ৰতিটো বস্তুৰ সৃষ্টিকৰ্তা, যিবোৰ বস্তু আমি দেখা পাওঁ, আৰু যিবোৰ আমি দেখা নাপাওঁ সেইবোৰ বস্তুৰো তেৱেঁই সৃষ্টিকৰ্তা। তেওঁৰ বাহিৰে প্ৰতিটো বস্তুৱে হৈছে তেওঁৰ সৃষ্টি তথা মখলুক। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। তেওঁৰ সৈতে আন কাৰো ইবাদত কৰাও বৈধ নহয়। তেওঁৰ ৰাজত্বত, অথবা তেওঁৰ কোনো সৃষ্টিত নাইবা পৰিচালনাৰ ক্ষেত্ৰত অথবা তেওঁৰ ইবাদতত কোনো অংশীদাৰ নাই।
তৰ্কৰ খাতিৰত যদি মানি লোৱা হয় যে, তেওঁৰ বাহিৰেও কোনো উপাস্য আছে, তেন্তে এই বিশ্বজগতৰ ব্যৱস্থা বিঘ্নিত হ'ব। কিয়নো একে সময়তে দুজন ঈশ্বৰে কেতিয়াও বিশ্বজগত পৰিচালনা কৰাটো সম্ভৱ নহয়। যেনে- মহান আল্লাহে কৈছেঃ{لَوْ كَانَ فِيهِمَا آلِهَةٌ إِلَّا اللَّهُ لَفَسَدَتَا}যদি এই দুয়োৰে (আকাশমণ্ডল আৰু পৃথিৱীৰ) মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলহেঁতেন, তেন্তে উভয়েই বিশৃংখল হৈ গ'লহেঁতেন।(ছুৰা আল-আম্বিয়াঃ ২২)
মহান সৃষ্টিকৰ্তাৰ বৈশিষ্ট্য
পৱিত্ৰ মহান প্ৰতিপালকৰ অসংখ্য সুন্দৰ সুন্দৰ নাম আছে, তেওঁৰ বহুতো সুউচ্চ গুণাৱলী আছে, যিবোৰে তেওঁৰ পূৰ্ণাংগতাৰ প্ৰমাণ বহন কৰে। সেইবোৰ নামৰ মাজৰ অন্যতম নাম হৈছে, 'আল-খালিক্ব' (সৃষ্টিকৰ্তা), আৰু আন এটা নাম হৈছে 'আল্লাহ'। আল্লাহ নামৰ অৰ্থ হৈছে, এনেকুৱা সত্ত্বা, যাৰ কোনো অংশীদাৰ নাই, একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। তেওঁৰ আৰু কেইবাটাও নাম আছে যেনে- 'আল-হাই' (চিৰঞ্জীৱ), 'আল-কাইয়্যুম' (সৰ্ব সত্ত্বাৰ ধাৰক) 'আৰ-ৰাহীম' (অত্যন্ত দয়ালু), 'আৰ-ৰাঝিক্ব' (জীৱিকাদাতা) 'আল-কাৰীম' (উদাৰ)
মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ﴿اللَّهُ لا إِلَهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ لا تَأْخُذُهُ سِنَةٌ وَلا نَوْمٌ لَهُ مَا فِي السَّمَوَاتِ وَمَا فِي الأَرْضِ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلَّا بِإِذْنِهِ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلا يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلَّا بِمَا شَاءَ وَسِعَ كُرْسِيُّهُ السَّمَوَاتِ وَالأَرْضَ وَلا يَئُودُهُ حِفْظُهُمَا وَهُوَ الْعَلِيُّ الْعَظِيمُ﴾আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।(ছুৰা আল-বাক্বাৰাহঃ ২৫৫)
মহান আল্লাহে আৰু কৈছে:﴿قُلْ هُوَ اللَّهُ أَحَدٌ (١)اللَّهُ الصَّمَدُ (٢)لَمْ يَلِدْ وَلَمْ يُولَدْ (٣)وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ﴾কোৱা, 'তেওঁ আল্লাহ, এক-অদ্বিতীয়, (১)আল্লাহ অমুখাপেক্ষী। (২)তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই, (৩)আৰু তেওঁৰ সমতুল্য কোনো নাই'। (৪)(ছুৰা আল-ইখলাচঃ ১-৪)
প্ৰকৃত উপাস্য মহান প্ৰতিপালক পূৰ্ণাংগ গুণেৰে গুণাম্বিত
তেওঁৰ অন্যতম এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ হৈছে প্ৰকৃত উপাস্য। তেওঁৰ বাহিৰে সকলোৱে হৈছে সৃষ্টি তথা মখলুক। আটায়ে তেওঁৰ আদেশ পালন কৰিবলৈ বাধ্য।
তেওঁৰ গুণাৱলীসমূহৰ মাজৰ অন্যতম এটা গুণ হৈছে এই যে, তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। আল্লাহেই সকলো জীৱিত বস্তুক জীৱন দান কৰিছে। তেৱেঁই আটাইকে অনস্তিত্বৰ পৰা অস্তিত্ব প্ৰদান কৰিছে। তেৱেঁই সেইবোৰক নিয়ন্ত্ৰণ কৰে, জীৱিকা প্ৰদান কৰে আৰু সকলো প্ৰয়োজন পূৰণ কৰে। এতেকে আল্লাহ হৈছে চিৰঞ্জীৱ, তেওঁৰ কেতিয়াও মৃত্যু নহ'ব। তেওঁৰ বাবে ধ্বংস অসম্ভৱ। তেওঁ সৰ্বসত্ত্বাৰ ধাৰক, তেওঁ কেতিয়াও নুশুৱে, আনকি কলাঘুমটি আৰু টোপনি একোৱেই তেওঁক স্পৰ্শ নকৰে।
তেওঁৰ আৰু এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ হৈছে সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
তেওঁৰ আৰু বৈশিষ্ট্য হৈছে এই যে, তেওঁ হৈছে সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। তেওঁ সকলো শুনা পায়, আৰু প্ৰতিটো মখলুককে দেখা পায়। অন্তৰত সৃষ্টি হোৱা কল্পনা আৰু বুকুত গোপন ৰখা সকলো বিষয় সম্পৰ্কে তেওঁ অৱগত। আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়।
তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ হৈছে মহা ক্ষমতাৱান। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে আৰু তেওঁৰ ইচ্ছাকো ৰদ্দ কৰিব নোৱাৰে। তেওঁ যি ইচ্ছা কৰে সেইটোৱে কৰে, আৰু যিটোক ইচ্ছা কৰে সেইটোকে ৰোধ কৰে। তেওঁ যাক ইচ্ছা কৰে আগুৱাই দিয়ে আৰু যাক ইচ্ছা কৰে পিছুৱাই দিয়ে। তেওঁ মহা প্ৰজ্ঞাৱান।
তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ হৈছে সৃষ্টিকৰ্তা, জীৱিকাদাতা, মহাপৰিচালক, যিয়ে সমগ্ৰ সৃষ্টিক সৃষ্টি কৰিছে আৰু সেইবোৰক পৰিচালনা কৰে। গোটেই সৃষ্টিজগত তেওঁৰ হাতৰ মুঠিত তথা তেওঁৰ অধীনস্থ।
তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ বিপদগ্ৰস্ত লোকৰ অভিযোগ শুনে, সিহঁতৰ প্ৰাৰ্থনাত সঁহাৰি দিয়ে, সংকটত থকা লোকক সহায় কৰে আৰু সিহঁতক বিপদমুক্ত কৰে। প্ৰতিটো মখলুক যেতিয়াই কোনো সংকটত পৰে অথবা সিহঁতক কোনো বিপদ-আপদে আগুৰি ধৰে, তেতিয়া সিহঁত বাধ্য হৈ তেওঁৰেই আশ্ৰয় গ্ৰহণ কৰে।
ইবাদত একমাত্ৰ আল্লাহৰেই কৰিব লাগিব। কাৰণ তেৱেঁই একমাত্ৰ পূৰ্ণাংগ উপযুক্ত, তেওঁৰ বাহিৰে কোনেও ইবাদতৰ উপযুক্ত নহয়। তেওঁৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয় সেই সকলোবোৰ হৈছে বাতিল তথা অপূৰ্ণাংগ, সেই সকলোবোৰৰ মৃত্যু নিশ্চিত তথা ধ্বংস অনিবাৰ্য।
পৱিত্ৰ তথা মহান আল্লাহে আমাক এনেকুৱা বিবেক প্ৰদান কৰিছে, যিয়ে তেওঁৰ মহানতাক অনুভৱ কৰিব পাৰে। লগতে আমাৰ ভিতৰত এনেকুৱা সদ্ভাৱ প্ৰদান কৰিছে, যিয়ে কল্যাণক ভাল পায় আৰু অকল্যাণক অপছন্দ কৰে। এইদৰে বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত নত হ'লে শান্তি অনুভৱ কৰে। এই প্ৰাকৃতিক স্বভাৱে তেওঁৰ পূৰ্ণাংগতাৰ প্ৰমাণ বহন কৰে, লগতে এই কথাৰ প্ৰমাণ বহন কৰে যে, তেওঁ কোনো পধ্যেই অপৰিপূৰ্ণ নহয়।
কোনো বিবেকৱান ব্যক্তিৰ বাবেই উচিত নহয় পূৰ্ণাংগ উপযুক্ত সত্ত্বাক এৰি আনৰ ইবাদত কৰা। গতিকে মানুহে নিজৰ দৰে অথবা নিজতকৈ নিম্নশ্ৰেণীৰ এটা সৃষ্টিৰ কেনেকৈ ইবাদত কৰিব পাৰে?
মানুহ, মূৰ্ত্তি, গছ-গছনি অথবা জীৱ-জন্তু আদি কেতিয়াও উপাস্য হ'ব নোৱাৰে।
মহান প্ৰতিপালক আকাশমণ্ডলৰ ওপৰত, তথা আৰচৰ ওপৰত আছে, সৃষ্টিৰ পৰা পৃথক। তেওঁৰ সত্ত্বাৰ ভিতৰত কোনো মখলুকেই সমাহিত নহয় আৰু তেৱোঁ কোনো মখলুকৰ ভিতৰত সমাহিত নহয়। লগতে তেওঁ কোনো সৃষ্টিৰো আকাৰ গ্ৰহণ নকৰে।
মহান প্ৰতিপালকৰ সৈতে একোৰেই তুলনা নহয়। তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। তেওঁ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। তেওঁ টোপনি নাহে আৰু পানাহাৰো নকৰে। তেওঁ মহান, তেওঁৰ কোনো স্ত্ৰী অথবা সন্তান হোৱাটো সম্ভৱ নহয়। কাৰণ সৃষ্টিকৰ্তা সকলো গুণৰ ফালৰ পৰাই মহান। এইটো কেতিয়াও সম্ভৱ নহয় যে, তেওঁৰ কোনো বস্তুৰ প্ৰয়োজন হ'ব অথবা তেওঁৰ মাজত কোনো ত্ৰুটি বা অভাৱ আছে।
মহান আল্লাহে কৈছেঃ﴿يَا أَيُّهَا النَّاسُ ضُرِبَ مَثَلٌ فَاسْتَمِعُوا لَهُ إِنَّ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ لَنْ يَخْلُقُوا ذُبَابًا وَلَوِ اجْتَمَعُوا لَهُ وَإِنْ يَسْلُبْهُمُ الذُّبَابُ شَيْئًا لَا يَسْتَنْقِذُوهُ مِنْهُ ضَعُفَ الطَّالِبُ وَالْمَطْلُوبُ (٧٣)مَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ﴾হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ দি শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁত আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি নিয়ে তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটো উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাবান, পৰাক্ৰমশালী।(ছুৰা আল-হাজ্জঃ ৭৩-৭৪)
এই মহান সৃষ্টিকৰ্তাই আমাক কিয় সৃষ্টি কৰিছে? আমাৰ পৰা তেওঁ কি বিচাৰে?
এই কথা বিবেকত ধৰেনে যে, মহান আল্লাহে এই সকলোবোৰ সৃষ্টিক কোনো উদ্দেশ্য নোহোৱাকৈয়ে এনেই সৃষ্টি কৰিছে? তেওঁ এইবোৰক নিৰৰ্থক সৃষ্টি কৰিছে নেকি? অথচ তেওঁ মহাপ্ৰজ্ঞাৱান, সৰ্বজ্ঞ।
বিবেকে এই কথা সহজে গ্ৰহণ কৰিব পাৰেনে যে, যিজন সত্ত্বাই ইমান নিপুণ আৰু নিখুঁতভাৱে আমাক সৃষ্টি কৰাৰ পিছত, লগতে আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু আমাৰ অধীনস্থ কৰাৰ পিছত তেওঁ আমাক কোনো উদ্দেশ্য নোহোৱাকৈয়ে এনেই সৃষ্টি কৰিছে নেকি, অথবা তেওঁ আমাক সেইবোৰ প্ৰশ্নৰ উত্তৰ নজনোৱাকৈয়ে এনেই এৰি দিবনে, যিবোৰ প্ৰশ্নই আমাক সদায় আমনি কৰে, উদাহৰণস্বৰূপেঃ আমি ইয়ালৈ কিয় আহিছোঁ? মৃত্যুৰ পিছত কি হ'ব? আমাৰ সৃষ্টিৰ উদ্দেশ্য কি?
বিবেকে এই কথা স্বীকাৰ কৰেনে যে, অত্যাচাৰীক কোনো শাস্তি দিয়া নহওক আৰু উপকাৰকাৰীক কোনো প্ৰতিদান দিয়া নহওক?
মহান আল্লাহে কৈছেঃ﴿أَفَحَسِبْتُمْ أَنَّمَا خَلَقْنَاكُمْ عَبَثًا وَأَنَّكُمْ إِلَيْنَا لَا تُرْجَعُونَ﴾'তোমালোকে ভাবিছা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ'ব?(ছুৰা আল-মুমিনূনঃ ১১৫)
প্ৰকৃততে আল্লাহে ৰাছুল প্ৰেৰণ কৰি আমাক আমাৰ অস্তিত্বৰ উদ্দেশ্য সম্পৰ্কে অৱগত কৰিছে। লগতে আমাক এই নিৰ্দেশনা দিছে যে, আমি তেওঁৰ ইবাদত কেনেকৈ কৰিব লাগিব? আৰু কেনেকৈ তেওঁৰ নৈকট্য অৱলম্বন কৰিব লাগিব? লগতে এই কথাও জনাইছে যে, তেওঁ আমাৰ পৰা কি বিচাৰে? আৰু কি কৰিলে তেওঁ আমাৰ ওপৰত সন্তুষ্ট হ'ব? আৰু মৃত্যুৰ পিছত আমাৰ পৰিণাম কি হ'ব সেই সম্পৰ্কেও তেওঁ আমাক অৱগত কৰিছে?
মহান আল্লাহে ৰাছুলসকলক প্ৰেৰণ কৰি আমাক এই সংবাদ দিছে যে, একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য, যাতে আমি জানিব পাৰোঁ যে, আমি তেওঁৰ ইবাদত কেনেকৈ কৰিব লাগিব, লগতে এইকাৰণে প্ৰেৰণ কৰিছে যাতে তেওঁৰ আদেশ-নিষেধ আমাক জনাই দিব পাৰে। লগতে আমাক এনেকুৱা নৈতিকতা শিকাবলৈ তেওঁলোকক প্ৰেৰণ কৰিছে, যদি আমি সেইবোৰ পালন কৰোঁ তেন্তে আমাৰ জীৱন সকলো প্ৰকাৰৰ কল্যাণ আৰু বৰকতেৰে ভৰি পৰিব।
মহান আল্লাহে বহুতো ৰাছুল প্ৰেৰণ কৰিছে, উদাহৰণস্বৰূপেঃ (নূহ, ইব্ৰাহীম, মূছা, ঈছা)। আল্লাহে তেওঁলোকক এনেকুৱা নিদৰ্শন আৰু অলৌকিকতাৰ দ্বাৰা শক্তিশালি কৰিছে, যিবোৰে তেওঁলোকৰ সত্যতাৰ প্ৰমাণ বহন কৰে যে, তেওঁলোক হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। ৰাছুলসকলৰ এই ধাৰাবাহিকতাৰ সৰ্বশেষ ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।
ৰাছুলসকলে আমাক এই কথা স্পষ্টভাৱে জনাই দিছে যে, আমাৰ এই জীৱন হৈছে এটা পৰীক্ষা মাত্ৰ। প্ৰকৃত জীৱন হৈছে মৃত্যুৰ পিছৰ জীৱন।
তাত মুমিনসকলৰ বাবে আছে জান্নাত, যিসকলে একমাত্ৰ আল্লাহৰ ইবাদত কৰিছিল, যাৰ কোনো অংশীদাৰ নাই, লগতে যিসকলে সকলো ৰাছুলৰ প্ৰতি ঈমান আনিছিল। পক্ষান্তৰে তাত আল্লাহে কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম, যিসকলে আল্লাহৰ সৈতে অন্যান্য উপাস্যৰ উপাসনা কৰিছিল, অথবা ৰাছুলসকলৰ মাজৰ কোনো ৰাছুলক অস্বীকাৰ কৰিছিল।
মহান আল্লাহে কৈছেঃ﴿يَا بَنِي آدَمَ إِمَّا يَأْتِيَنَّكُمْ رُسُلٌ مِنْكُمْ يَقُصُّونَ عَلَيْكُمْ آيَاتِي فَمَنِ اتَّقَى وَأَصْلَحَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ (٣٥)وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا وَاسْتَكْبَرُوا عَنْهَا أُولَئِكَ أَصْحَابُ النَّارِ هُمْ فِيهَا خَالِدُونَ﴾হে আদম সন্তান! যদি তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহে, যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ'ব।আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু সেই বিষয়ে অহংকাৰ কৰিছে, সিহঁতেই অগ্নিবাসী, তাত সিহঁত চিৰকাল থাকিব।(ছুৰা আল-আৰাফঃ ৩৫-৩৬)
মহান আল্লাহে কৈছে:﴿يَا أَيُّهَا النَّاسُ اعْبُدُوا رَبَّكُمُ الَّذِي خَلَقَكُمْ وَالَّذِينَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُونَ (٢١)الَّذِي جَعَلَ لَكُمُ الْأَرْضَ فِرَاشًا وَالسَّمَاءَ بِنَاءً وَأَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجَ بِهِ مِنَ الثَّمَرَاتِ رِزْقًا لَكُمْ فَلَا تَجْعَلُوا لِلَّهِ أَنْدَادًا وَأَنْتُمْ تَعْلَمُونَ (٢٢)وَإِنْ كُنْتُمْ فِي رَيْبٍ مِمَّا نَزَّلْنَا عَلَى عَبْدِنَا فَأْتُوا بِسُورَةٍ مِنْ مِثْلِهِ وَادْعُوا شُهَدَاءَكُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ (٢٣)فَإِنْ لَمْ تَفْعَلُوا وَلَنْ تَفْعَلُوا فَاتَّقُوا النَّارَ الَّتِي وَقُودُهَا النَّاسُ وَالْحِجَارَةُ أُعِدَّتْ لِلْكَافِرِينَ (٢٤)وَبَشِّرِ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أَنَّ لَهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ كُلَّمَا رُزِقُوا مِنْهَا مِنْ ثَمَرَةٍ رِزْقًا قَالُوا هَذَا الَّذِي رُزِقْنَا مِنْ قَبْلُ وَأُتُوا بِهِ مُتَشَابِهًا وَلَهُمْ فِيهَا أَزْوَاجٌ مُطَهَّرَةٌ وَهُمْ فِيهَا خَالِدُونَ﴾হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ ৰব্ব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চালস্বৰূপ, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছোঁ তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা, যদিহে তোমালোকে সত্যবাদী হোৱা।এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা, তেনেহ'লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা, যাৰ ইন্ধন হ'ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক সুসংবাদ দিয়া যে, তেওলোকৰ বাবে আছে জান্নাত, যাৰ তলেদি নদী প্ৰবাহিত হয়, যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফল খাবলৈ দিয়া হ'ব, তেতিয়াই তেওঁলোকে ক'ব, ইতিপুৰ্বে আমাক এই ধৰণৰ ফল খাবলৈ দিয়া হৈছিল, কাৰণ তেওঁলোকক ফলমূল সাদৃশ্যপূৰ্ণ কৰি দিয়া হ'ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পৱিত্ৰা-সঙ্গিনী, আৰু তাত তেওঁলোক চিৰকাল থাকিব।(ছুৰা আল-বাক্বাৰাহঃ ২১-২৫)
ইমান সংখ্যক ৰাছুল কিয় প্ৰেৰণ কৰিছে?
আল্লাহে সকলো উম্মতৰ প্ৰতি একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছিল। এনেকুৱা কোনো উম্মত নাই, যি উম্মতক আল্লাহৰ ইবাদতৰ প্ৰতি আহ্বান কৰিবলৈ তথা সিহঁতক তেওঁৰ আদেশ নিষেধ পৌঁচাই দিবলৈ কোনো ৰাছুল অহা নাই। সকলো ৰাছুলৰ আহ্বানৰ এটাই উদ্দেশ্য আছিল, সেয়া হৈছেঃ একমাত্ৰ সৰ্বশক্তিমান আল্লাহৰ ইবাদত কৰা। যেতিয়াই কোনো উম্মতে নিজ ৰাছুলৰ শিক্ষাক পৰিত্যাগ কৰিছে তথা ৰাছুলে লৈ অহা আল্লাহৰ একত্ববাদী বাৰ্তাক বিকৃত কৰিছে, তেতিয়াই আল্লাহে বেলেগ এজন ৰাছুল প্ৰেৰণ কৰি সেইটোক সংশোধন কৰাৰ দায়িত্ব অৰ্পন কৰিছে। যাতে মানুহে প্ৰকৃত স্বভাৱৰ প্ৰতি উভতি আহে, অৰ্থাৎ আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ প্ৰতি।
ৰাছুলসকলৰ এই ধাৰাবাহিকতাৰ সৰ্বশেষ ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। যাক প্ৰদান কৰা হৈছে পূৰ্ণাংগ দ্বীন আৰু সকলো মানুহৰ বাবে প্ৰযোজ্য হ'ব পৰা স্থায়ী চৰীয়ত, যিটো কিয়ামত পৰ্যন্ত অবিচল থাকিব। যি চৰীয়তে পূৰ্বৱৰ্তী সকলো চৰীয়তক ৰহিত কৰিছে। যিটো চৰীয়তক কিয়ামত পৰ্যন্ত বাকী ৰাখিবলৈ স্বয়ং আল্লাহে দায়িত্ব লৈছে।
সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰাকৈ কোনো ব্যক্তিয়েই মুমিন হ'ব নোৱাৰে।
আল্লাহেই হৈছে সেই সত্ত্বা, যিজনে ৰাছুলসকলক প্ৰেৰণ কৰিছে, আৰু সকলো সৃষ্টিকে তেওঁলোকৰ অনুসৰণ কৰিবলৈ নিৰ্দেশ দিছে। যিয়ে কোনো এজন ৰাছুলক অস্বীকাৰ কৰিছে, সি দৰাচলতে সকলো ৰাছুলকে অস্বীকাৰ কৰিছে। কিয়নো ইয়াতকৈ ডাঙৰ গুনাহ আৰু একো হ'ব নোৱাৰে যে, মানুহে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত অহীক অস্বীকাৰ কৰিছে। গতিকে জান্নাতত প্ৰৱেশ কৰিবলৈ হ'লে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব।
গতিকে আজি প্ৰতিজন ব্যক্তিৰ ওপৰতে অনিবাৰ্য আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু আল্লাহে প্ৰেৰণ কৰা সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, এইদৰে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰা জৰুৰী। এতেকে ইয়াৰ বাবে সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁ অনুসৰণ কৰাটো অতিকৈ জৰুৰী। যাক মহান আল্লাহে স্থাযী অলৌকিকতাৰ দ্বাৰা সমৰ্থন কৰিছে, সেয়া হৈছে আল-কোৰআনুল কাৰীম। লগতে ইয়াৰ সুৰক্ষাৰ দায়িত্বও স্বয়ং আল্লাহেই লৈছে, কিয়ামত সংঘটিত নোহোৱালৈকে এইখন সুৰক্ষিত থাকিব।
মহান আল্লাহে পৱিত্ৰ কোৰআনত এই কথা উল্লেখ কৰিছে যে, যিয়েই ৰাছুলসকলৰ মাজৰ কোনো এজন ৰাছুলক অস্বীকাৰ কৰিব, সি দৰাচলতে আল্লাহক অস্বীকাৰ কৰে, তথা তেওঁৰ অহীক মিছা প্ৰতিপন্ন কৰে। যেনে- মহান আল্লাহে কৈছেঃ﴿إِنَّ الَّذِينَ يَكْفُرُونَ بِاللَّهِ وَرُسُلِهِ وَيُرِيدُونَ أَنْ يُفَرِّقُوا بَيْنَ اللَّهِ وَرُسُلِهِ وَيَقُولُونَ نُؤْمِنُ بِبَعْضٍ وَنَكْفُرُ بِبَعْضٍ وَيُرِيدُونَ أَنْ يَتَّخِذُوا بَيْنَ ذَلِكَ سَبِيلًا (١٥٠)أُولَئِكَ هُمُ الْكَافِرُونَ حَقًّا وَأَعْتَدْنَا لِلْكَافِرِينَ عَذَابًا مُهِينًا﴾নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰে আৰু সিহঁতে কয়, 'আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী কৰো'; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।ইহঁতেই প্ৰকৃত কাফিৰ; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।(ছুৰা আন-নিছাঃ ১৫০-১৫১)
সেয়ে আমি মুছলিমসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰোঁ, লগতে সকলো ৰাছুল আৰু পূৰ্বৱৰ্তী সমূহ গ্ৰন্থৰ প্ৰতি ঈমান পোষণ কৰোঁ। পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ﴿آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ وَقَالُوا سَمِعْنَا وَأَطَعْنَا غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ الْمَصِيرُ﴾ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, 'আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল'।(ছুৰা আল-বাক্বাৰাহঃ ২৮৫)
আল-কোৰআনুল কাৰীম কি?
পৱিত্ৰ কোৰআন হৈছে সৰ্বশক্তিমান আল্লাহৰ বাণী আৰু তেওঁৰ অহী। যিখন অৱতীৰ্ণ হৈছে সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত। কোৰআন হৈছে মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত প্ৰমাণকাৰী আটাইতকৈ ডাঙৰ অলৌকিকতা। ইয়াত থকা আটাইবোৰ বিধি-বিধান সকলো সময়ৰ বাবে উপযুক্ত তথা ইয়াৰ সকলো সংবাদ সত্য।ইয়াৰ অস্বীকাৰকাৰীসকলক আল্লাহে প্ৰত্যাহ্বান জনাই কৈছে যে, ইয়াৰ অনুৰূপ এখন গ্ৰন্থ ৰচনা কৰি দেখুৱাচোন, আনকি ইয়াৰ অনুৰূপ এটা ছুৰাকে ৰচনা কৰি আনাচোন, কিন্তু ইয়াৰ বিষয়বস্তু ইমান মহান আৰু ইমান ব্যাপক যে, আজিলৈকে সিহঁত এইক্ষেত্ৰত ব্যৰ্থ। ইয়াৰ ভিতৰত মানুহৰ দুনিয়া আৰু আখিৰাত সম্পৰ্কীয় সকলো বিষয় উল্লেখ আছে, লগতে ঈমান সম্পৰ্কীয় সেই সকলো বিষয় উল্লেখ আছে, যিবোৰৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য।এইদৰে ইয়াৰ ভিতৰত সেই সকলো আদেশ-নিষেধ সম্পৰ্কীয় বিধি-বিধান উল্লেখ আছে, যিবোৰ এজন ব্যক্তিয়ে নিজৰ আৰু প্ৰতিপালকৰ ক্ষেত্ৰত, তথা নিজৰ আৰু নিজৰ নফছৰ ক্ষেত্ৰত আনকি নিজৰ আৰু অন্যান্য সকলো সৃষ্টিৰ ক্ষেত্ৰত পালন কৰা উচিত। সেয়াও অতি স্পষ্ট আৰু অত্যন্ত উন্নত ভাষাশৈলীৰে বৰ্ণনা কৰিছে।ইয়াৰ ভিতৰত বহুতো যৌক্তিক প্ৰমাণাদি আৰু বৈজ্ঞানিক তথ্য আছে, যিবোৰে প্ৰমাণ কৰে যে, এইখন গ্ৰন্থ কেতিয়াও মানৱ ৰচিত হ'ব নোৱাৰে, বৰং এইখন হৈছে মানৱজাতিৰ প্ৰতিপালক সৰ্বশক্তিমান আল্লাহৰ বাণী।
ইছলাম কাক বোলে?
ইছলাম হৈছে একত্ববাদৰ মাধ্যমত সৰ্বশক্তিমান আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা, আনুগত্যৰ সৈতে তেওঁৰ সন্মুখত নত স্বীকাৰ কৰা, লগতে সন্তুষ্টচিত্তে চৰীয়তৰ বিধি-বিধান গ্ৰহণ কৰি সেইমতে আমল কৰা। পক্ষান্তৰে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰা।
মহান আল্লাহে সকলো ৰাছুলকে এটাই বাৰ্তা প্ৰদান কৰি প্ৰেৰণ কৰিছিল, সেয়া হৈছেঃ মানুহক আল্লাহৰ ইবাদতৰ প্ৰতি আহ্বান কৰা, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰা।
ইছলামেই হৈছে সকলো নবীৰ ধৰ্ম। তেওঁলোকৰ মূল বাৰ্তা এটাই আছিল, কিন্তু চৰীয়ত আছিল বেলেগ বেলেগ। বৰ্তমান সময়ত কেৱল মুছলিমসকলেই নবীসকলে লৈ অহা সঠিক ধৰ্ম মতে আমল কৰি আছে। ইছলামৰ বাৰ্তাই হৈছে সঠিক বাৰ্তা। এইটোৱে হৈছে সৃষ্টিকৰ্তাৰ ফালৰ পৰা মানৱজাতিৰ প্ৰতি অন্তিম বাৰ্তা।যি সত্ত্বাই ইব্ৰাহীম, মূছা, ঈছা আলাইহিমুচ্ছালামক প্ৰেৰণ কৰিছিল, সেই সত্ত্বাই সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছে। ইছলামী চৰীয়তে পূৰ্বৱৰ্তী সকলো চৰীয়তকে ৰহিত কৰিছে।
ইছলামৰ বাহিৰে মানুহে আজি যিবোৰ ধৰ্ম পালন কৰে, সেইবোৰ হয়তো মানৱ ৰচিত নাইবা এনেকুৱা ঐশী ধৰ্ম, যিবোৰ পৰৱৰ্তী সময়ত মানুহৰ দ্বাৰা বিকৃত হৈছে। ফলত সেইবোৰৰ মাজত ভণ্ডামি আৰু পৰম্পৰা আৰু মানৱীয় প্ৰচেষ্টাৰ মিশ্ৰণ ঘটিছে।
আনহাতে মুছলিমসকলৰ ধৰ্ম পৰিবৰ্তনৰ পৰা সুৰক্ষিত, তথা এইটো হৈছে এটা স্পষ্ট ধৰ্ম। এইদৰে আল্লাহৰ বাবে তেওঁলোকে কৰা ইবাদতসমূহো এক। সকলো মুছলিমেই পাঁচ ওৱাক্ত নামাজ আদায় কৰে, নিজৰ সম্পদৰ জাকাত দিয়ে, ৰমাজান মাহৰ ৰোজা পালন কৰে। আনকি তেওঁলোকৰ সংবিধান কোৰআনৰ প্ৰতি যদি আপুনি দৃষ্টিপাত কৰে তেন্তে দেখিবলৈ পাব যে, পৃথিৱীৰ প্ৰতিটো দেশতে সেইখন একেই গ্ৰন্থ। মহান আল্লাহে কৈছেঃ﴿ٱلۡيَوۡمَ أَكۡمَلۡتُ لَكُمۡ دِينَكُمۡ وَأَتۡمَمۡتُ عَلَيۡكُمۡ نِعۡمَتِي وَرَضِيتُ لَكُمُ ٱلۡإِسۡلَٰمَ دِينٗاۚ فَمَنِ ٱضۡطُرَّ فِي مَخۡمَصَةٍ غَيۡرَ مُتَجَانِفٖ لِّإِثۡمٖ فَإِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ﴾আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ। এতেকে যিয়ে পাপকৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিছে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।(ছুৰা আল-মায়িদাহঃ ৩)
পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ﴿قُلْ آمَنَّا بِاللَّهِ وَمَا أُنْزِلَ عَلَيْنَا وَمَا أُنْزِلَ عَلَى إِبْرَاهِيمَ وَإِسْمَاعِيلَ وَإِسْحَاقَ وَيَعْقُوبَ وَالْأَسْبَاطِ وَمَا أُوتِيَ مُوسَى وَعِيسَى وَالنَّبِيُّونَ مِنْ رَبِّهِمْ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْهُمْ وَنَحْنُ لَهُ مُسْلِمُونَ (٨٤)وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ﴾তোমালোকে কোৱা, 'আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও আমি ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব, তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ'ব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব।(ছুৰা আলে-ইমৰাণঃ ৮৪-৮৫)
ইছলাম হৈছে এটা সামগ্ৰীক জীৱন ব্যৱস্থা, যিটো স্বভাৱজাত প্ৰকৃতি আৰু সুস্থ বিবেকৰ অনুকূল। ইয়াক অবিকৃত মনে স্বাভাৱিকভাৱেই গ্ৰহণ কৰে। ইয়াক মহান সৃষ্টিকৰ্তাই সৃষ্টিজগতৰ বাবে চৰীয়ত হিচাপে নিৰ্ধাৰণ কৰিছে। পৃথিৱী আৰু আখিৰাত উভয় স্থানতে সকলো মানুহৰ বাবে এইটো হৈছে কল্যাণ আৰু সুখৰ ধৰ্ম। ইয়াত কোনো বৰ্ণবিভেদ বা গোত্ৰবিভেদ নাই। ইয়াত সকলো মানুহেই সমান। নেক আমলৰ বাহিৰে ইছলামে বেলেগ কোনো ক্ষেত্ৰতেই ইজনক সিজনৰ ওপৰত প্ৰাধান্য নিদিয়ে।
মহান আল্লাহে কৈছে:(مَنۡ عَمِلَ صَٰلِحٗا مِّن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِنٞ فَلَنُحۡيِيَنَّهُۥ حَيَوٰةٗ طَيِّبَةٗۖ وَلَنَجۡزِيَنَّهُمۡ أَجۡرَهُم بِأَحۡسَنِ مَا كَانُواْ يَعۡمَلُونَ)ঈমানৰ অৱস্থাত পুৰুষে হওক বা নাৰী, যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।(ছুৰা আন-নাহলঃ ৯৭)
ইছলাম হৈছে কল্যাণৰ পথ
ইছলাম হৈছে সকলো নবীৰ ধৰ্ম। এইটোৱে হৈছে মানুহক প্ৰদান কৰা আল্লাহৰ দ্বীন। এই ধৰ্ম কেৱল আৰবীয়ানসকলৰ বাবে নিৰ্দিষ্ট নহয়।
ইছলাম হৈছে পাৰ্থিৱ জীৱনৰ প্ৰকৃত সুখ অৰ্জন কৰাৰ পথ, আৰু আখিৰাতৰ চিৰস্থায়ী নিয়ামত লাভ কৰাৰ মাধ্যম।
ইছলাম হৈছে একমাত্ৰ এনেকুৱা এটা ধৰ্ম, যি ধৰ্মই আত্মা আৰু শৰীৰৰ প্ৰয়োজনীয়তা পূৰণ কৰে, লগতে মানৱীয় সকলো সমস্যাৰ সমাধান কৰে। মহান আল্লাহে কৈছেঃ﴿قَالَ اهْبِطَا مِنْهَا جَمِيعًا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ فَإِمَّا يَأْتِيَنَّكُمْ مِنِّي هُدًى فَمَنِ اتَّبَعَ هُدَايَ فَلا يَضِلُّ وَلا يَشْقَى (123)وَمَنْ أَعْرَضَ عَنْ ذِكْرِي فَإِنَّ لَهُ مَعِيشَةً ضَنْكًا وَنَحْشُرُهُ يَوْمَ الْقِيَامَةِ أَعْمَى﴾তেওঁ ক'লে, 'তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎপথৰ নিৰ্দেশ আহি পায়,
তেন্তে যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব, সি বিপথগামী নহ'ব আৰু দুৰ্দশাগ্ৰস্তও নহ'ব।'আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম'।(ছুৰা ত্বা-হাঃ ১২৩-১২৪)
ইছলাম গ্ৰহণ কৰিলে মোৰ কি উপকাৰ হ'ব?
ইছলাম গ্ৰহণ কৰাৰ উপকাৰিতা বহুত, তাৰে অন্যতম হৈছেঃ
ইছলাম গ্ৰহণ কৰাৰ ফলত মানুহে আল্লাহৰ বান্দা হৈ সন্মান অৰ্জন কৰিব তথা সফলতা লাভ কৰিব। অন্যথা প্ৰবৃত্তিৰ আৰু চয়তানৰ তথা কামনা-বাসনাৰ বান্দাত পৰিণত হ'ব।
ইয়াৰ ফলত আখিৰাতত আল্লাহৰ মাগফিৰাত তথা ক্ষমা অৰ্জন কৰিব আৰু তেওঁৰ সন্তুষ্টি লাভ কৰিব। ফলত আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব। লগতে তেওঁক চিৰস্থায়ী নিয়ামত আৰু স্থায়ী সন্তুষ্টিৰ সফলতা প্ৰদান কৰিব, আৰু জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
মুমিনসকলে কিয়ামতৰ দিনা নবী, চিদ্দীক্ব, শ্বহীদ আৰু আল্লাহৰ নেক বান্দাসকলৰ সৈতে থকাৰ সৌভাগ্য লাভ কৰিব। এইটো কিমান যে উত্তম সংগ। পক্ষান্তৰে যিসকলে ঈমান পোষণ কৰা নাই, সিহঁত থাকিব তাগুতসকলৰ সৈতে তথা অপৰাধী আৰু বিপৰ্যয় সৃষ্টিকাৰী নিকৃষ্ট লোকসকলৰ সৈতে।
আল্লাহে যিসকল লোকক জান্নাতত প্ৰৱেশ কৰাব, তেওঁলোক চিৰস্থায়ী নিয়ামতৰ মাজত বসবাস কৰিব। মৃত্যু, বেমাৰ-আজাৰ, দুখ-কষ্ট, বৃদ্ধাৱস্থা, দুশ্চিন্তা আদি একোৱে তেওঁলোকক স্পৰ্শ নকৰিব। তেওঁলোকৰ প্ৰতিটো ইচ্ছা পূৰণ কৰা হ'ব। আনহাতে যিসকলক জাহান্নামত নিক্ষেপ কৰা হ'ব, সিহঁত নিৰৱচ্ছিন্ন চিৰস্থায়ী শাস্তিৰ মাজত থাকিব।
জান্নাতত এনেকুৱা এনেকুৱা উপভোগ্য সামগ্ৰী আছে, যিবোৰক কোনো চকুৱেই দেখা নাই, আৰু যিবোৰৰ বিষয়ে কোনো কাণেও শুনা নাই, আনকি সেইবোৰৰ বিষয়ে কোনো মানুহৰ অন্তৰেও কল্পনা কৰিব নোৱাৰে। যেনে- মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ﴿مَنْ عَمِلَ صَالِحًا مِنْ ذَكَرٍ أَوْ أُنْثَى وَهُوَ مُؤْمِنٌ فَلَنُحْيِيَنَّهُ حَيَاةً طَيِّبَةً وَلَنَجْزِيَنَّهُمْ أَجْرَهُمْ بِأَحْسَنِ مَا كَانُوا يَعْمَلُونَ﴾ঈমানৰ অৱস্থাত পুৰুষে হওক বা নাৰী, যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।(ছুৰা আন-নাহলঃ ৯৭)মহান আল্লাহে কৈছেঃ﴿فَلَا تَعۡلَمُ نَفۡسٞ مَّآ أُخۡفِيَ لَهُم مِّن قُرَّةِ أَعۡيُنٖ جَزَآءَۢ بِمَا كَانُواْ يَعۡمَلُونَ﴾এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি কি লুকুৱাই ৰখা হৈছে, তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰে হিচাপে![ছুৰা আচ-ছাজদাহ: ১৭]
যদি মই ইছলাম গ্ৰহণ নকৰোঁ তেন্তে মোৰ কি ক্ষতি হ'ব?
ইয়াৰ ফলত মানুহ আটাইতকৈ ডাঙৰ জ্ঞানৰ পৰা বঞ্চিত হ'ব, অৰ্থাৎ সি আল্লাহ সম্পৰ্কীয় জ্ঞানৰ পৰা বঞ্চিত হ'ব। লগতে সি আল্লাহৰ প্ৰতি ঈমানৰ পৰা বঞ্চিত হ'ব। সেই ঈমানৰ পৰা বঞ্চিত হ'ব, যি ঈমানে মানুহক পৃথিৱীত সুৰক্ষা আৰু শান্তি, লগতে আখিৰাতত চিৰস্থায়ী নিয়ামতৰ অধিকাৰী বনায়।
এইদৰে মানুহে আল্লাহৰ সেই মহান গ্ৰন্থৰ শিক্ষাৰ পৰা আৰু তাৰ প্ৰতি ঈমানৰ পৰা বঞ্চিত হ'ব, যিখন মানুহৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে।
এইদৰে সি নবীসকলৰ প্ৰতি ঈমানৰ পৰা বঞ্চিত হ'ব, লগতে জান্নাতত তেওঁলোকৰ সাহচৰ্য্য লাভ কৰাৰ পৰা বঞ্চিত হ'ব। ফলত তাগুত, চয়তান আৰু অপৰাধীবিলাকৰ সংগী হৈ জাহান্নামত নিক্ষিপ্ত হ'ব। কিমান যে নিকৃষ্ট সেই বাসস্থান আৰু সেই প্ৰতিৱেশীসকল।
মহান আল্লাহে কৈছেঃ﴿قُلْ إِنَّ الْخَاسِرِينَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ وَأَهْلِيهِمْ يَوْمَ الْقِيَامَةِ أَلا ذَلِكَ هُوَ الْخُسْرَانُ الْمُبِينُ (15)لَهُمْ مِنْ فَوْقِهِمْ ظُلَلٌ مِنَ النَّارِ وَمِنْ تَحْتِهِمْ ظُلَلٌ ذَلِكَ يُخَوِّفُ اللَّهُ بِهِ عِبَادَهُ يَا عِبَادِ فَاتَّقُونِ﴾কোৱা, 'প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে। জানি থোৱা! এইটোৱেই হৈছে সুস্পষ্ট ক্ষতি'।সিহঁতৰ বাবে থাকিব সিহঁতৰ ওপৰত অগ্নিৰ আৱৰণ আৰু তলফালেও থাকিব আৱৰণ। ইয়াৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।(ছুৰা আঝ-ঝুমৰঃ ১৫-১৬)
আখিৰাতত যিয়ে মুক্তি পাব বিচাৰে তেওঁ ইছলাম গ্ৰহণ কৰা উচিত, আৰু নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰা উচিত।
সকলো নবী আৰু ৰাছুল এই কথাত একমত যে, আখিৰাতত কেৱল মুছলিমসকলেই মুক্তি লাভ কৰিব, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই, একমাত্ৰ তেওঁৰেই ইবাদত কৰে। লগতে সকলো নবী আৰু ৰাছুলৰ প্ৰতি ঈমান আনিছে। প্ৰত্যেক ৰাছুলৰ মুমিন অনুসাৰী, যিসকলে ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে, আৰু তেওঁলোকক সত্য বুলি মানি লৈছে, সেই সকলো লোকে জান্নাতত প্ৰৱেশ কৰিব আৰু জাহান্নামৰ পৰা মুক্তি লাভ কৰিব।
এতেকে যিসকল লোক নবী মূছাৰ সময়ত আছিল, তেওঁলোকৰ মাজৰ যিসকলে তেওঁৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁ দিয়া শিক্ষা মতে আমল কৰিছিল, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন তথা মুছলিম। কিন্তু আল্লাহে নবী ঈছাক প্ৰেৰণ কৰাৰ পিছত মূছাৰ অনুসাৰীসকলৰ ওপৰত অনিবাৰ্য হৈ পৰিছে ঈছাৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ অনুসৰণ কৰা।গতিকে যিসকলে ঈছাৰ প্ৰতি ঈমান আনিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুছলিম। আনহাতে যিয়ে ঈছাক অস্বীকাৰ কৰিব আৰু মূছাৰ চৰীয়তৰ ওপৰত অটল থাকিব, সি হৈছে অমুছলিম। কাৰণ সি আল্লাহে প্ৰেৰণ কৰা নবীক অস্বীকাৰ কৰিছে।ইয়াৰ পিছত আল্লাহে যেতিয়া সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিলে, তেতিয়া সকলোৰে ওপৰত তেখেতৰ প্ৰতি ঈমান পোষণ কৰাটো অনিবাৰ্য হৈ পৰিছে। যিজন প্ৰতিপালকে মূছা, ঈছাক প্ৰেৰণ কৰিছে, তেৱেঁই সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছে। গতিকে এতিয়া যিয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে মানিবলৈ অস্বীকাৰ কৰিব, আৰু মূছা ঈছাৰ অনুসৰণত অটল থাকিব, সি মুমিন হিচাপে গণ্য নহ'ব।
কোনো ব্যক্তিৰ বাবে কেৱল এইখিনি স্বীকাৰ কৰাটোৱে যথেষ্ট নহয় যে, সি মুছলিমসকলক সন্মান কৰে। লগতে আখিৰাতত মুক্তি লাভ কৰাৰ বাবে কেৱল চাদাক্বাহ কৰা আৰু দুখীয়া দৰিদ্ৰ অভাৱীসকলক সহায় কৰাটোৱে যথেষ্ট নহয়। বৰং এইবোৰ কবূল হোৱাৰ বাবে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁ অৱতীৰ্ণ কৰা গ্ৰন্থসমূহৰ প্ৰতি, ৰাছুলসকলৰ প্ৰতি আৰু অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰাটো অনিবাৰ্য। কিয়নো শ্বিৰ্ক আৰু আল্লাহক অস্বীকাৰ কৰা, এইদৰে আল্লাহে অৱতীৰ্ণ কৰা অহীক অগ্ৰাহ্য কৰা, অথবা সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰাটো হৈছে আটাইতকৈ ডাঙৰ গুনাহ, ইয়াতকৈ ডাঙৰ আৰু কোনো গুনাহ নাই।
এতেকে ইয়াহুদী, খ্ৰীষ্টান আৰু অন্যান্য যিসকলে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে শুনিছে, কিন্তু তথাপিও তেখেতৰ প্ৰতি ঈমান পোষণ কৰিবলৈ অস্বীকাৰ কৰিছে, তথা ইছলাম গ্ৰহণ কৰিবলৈ অমান্তি হৈছে, সিহঁত অচিৰেই জাহান্নামত নিক্ষিপ্ত হ'ব আৰু তাত চিৰস্থায়ী হ'ব। এইটো হৈছে আল্লাহৰ সিদ্ধান্ত, কোনো মানুহৰ সিদ্ধান্ত নহয়। যেনে- মহান আল্লাহে কৈছেঃ﴿إِنَّ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ وَالْمُشْرِكِينَ فِي نَارِ جَهَنَّمَ خَالِدِينَ فِيهَا ۚ أُولَـٰئِكَ هُمْ شَرُّ الْبَرِيَّة﴾নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকল জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; এওঁলোকেই হৈছে নিকৃষ্ট সৃষ্টি।(ছুৰা আল-বায়্যিনাহঃ ৬)
যিহেতু মানৱজাতিৰ প্ৰতি আল্লাহৰ সৰ্বশেষ বাৰ্তা আহি পৰিছে। সেয়ে ইছলাম আৰু সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত সম্পৰ্কে অৱগত হোৱা প্ৰতিজন ব্যক্তিৰ ওপৰতে তেখেতৰ প্ৰতি ঈমান পোষণ কৰা, তেখেতে লৈ অহা চৰীয়ত মুতাবিক আমল কৰা, লগতে তেখেতৰ আদেশ-নিষেধৰ অনুসৰণ কৰা অনিবাৰ্য। গতিকে যিয়ে এই অন্তিম বাৰ্তা সম্পৰ্কে অৱগত হোৱাৰ পিছত ইয়াক নসাৎ কৰিব, আল্লাহে সেই ব্যক্তিৰ একোৱে গ্ৰহণ নকৰিব আৰু আখিৰাতত তাক কঠিন শাস্তি বিহিব।
ইয়াৰ উল্লেখযোগ্য এটা প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ﴿وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ﴾আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব, তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ'ব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব।(ছুৰা আলে-ইমৰাণঃ ৮৫)
মহান আল্লাহে আৰু কৈছেঃ﴿قُلْ يَا أَهْلَ الْكِتَابِ تَعَالَوْا إِلَى كَلِمَةٍ سَوَاءٍ بَيْنَنَا وَبَيْنَكُمْ أَلَّا نَعْبُدَ إِلَّا اللَّهَ وَلَا نُشْرِكَ بِهِ شَيْئًا وَلَا يَتَّخِذَ بَعْضُنَا بَعْضًا أَرْبَابًا مِنْ دُونِ اللَّهِ فَإِنْ تَوَلَّوْا فَقُولُوا اشْهَدُوا بِأَنَّا مُسْلِمُونَ﴾কোৱা, 'হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে'। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ'লে তোমালোকে কোৱা, 'তোমালোকে সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম'।(ছুৰা আলে-ইমৰাণঃ ৬৪)
মুছলিম হ'বলৈ মই কি কৰিব লাগিব?
ইছলাম গ্ৰহণ কৰিবলৈ আপুনি এই ছয়টা স্তম্ভৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব।
আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব, তেওঁৰ প্ৰতি এই বিশ্বাস পোষণ কৰিব লাগিব যে, তেৱেঁই হৈছে সৃষ্টিকৰ্তা, জীৱিকাদাতা, মহাপৰিচালক, স্বত্ত্বাধিকাৰী। একোৱেই তেওঁৰ সমতুল্য নহয়। তেওঁৰ কোনো স্ত্ৰী নাই আৰু কোনো সন্তানো নাই। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। গতিকে তেওঁৰ সৈতে আন কাৰোৰে ইবাদত কৰা বৈধ নহয়। লগতে এই বিশ্বাস পোষণ কৰিব লাগিব যে, তেওঁৰ বাহিৰে যিবোৰ উপাস্যৰ উপাসনা কৰা হয়, সেই সকলোবোৰ হৈছে বাতিল।
ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব যে, তেওঁলোক হৈছে আল্লাহৰ বান্দা। আল্লাহে তেওঁলোকক নূৰেৰে সৃষ্টি কৰিছে, তেওঁলোকৰ অন্যতম এটা কাম হৈছে নবীসকলৰ প্ৰতি অহী লৈ অৱতৰণ কৰা।
এইদৰে আল্লাহে তেওঁৰ নবীসকলৰ প্ৰতি যিবোৰ কিতাব অৱতীৰ্ণ কৰিছে, সেইসমূহৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব। (যেনে- তাওৰাত, ইঞ্জীল- বিকৃত হোৱাৰ আগত এইবোৰ ঐশী গ্ৰন্থ আছিল) সৰ্বশেষ গ্ৰন্থ হৈছে আল-কোৰআনুল কাৰীম।
এইদৰে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব। যেনে- নূহ, ইব্ৰাহীম, মূছা, ঈছা আৰু সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। তেওঁলোক আটায়ে আছিল মানৱ। আল্লাহে তেওঁলোকৰ ওপৰত অহী অৱতীৰ্ণ কৰিছিল, আৰু তেওঁলোকক এনেকুৱা নিদৰ্শন আৰু অলৌকিকতা প্ৰদান কৰিছিল যিবোৰে তেওঁলোকৰ সত্যতাৰ প্ৰমাণ বহন কৰিছিল।
এইদৰে অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব, যিদিনা আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে উত্থিত কৰিব, সেইদিনা আল্লাহে তেওঁৰ সৃষ্টিসকলৰ মাজত ফয়চালা কৰি দিব। মুমিনসকলে জান্নাতত প্ৰৱেশ কৰিব আৰু কাফিৰসকল জাহান্নামত নিক্ষিপ্ত হ'ব।
এইদৰে ঈমান পোষণ কৰিব লাগিব ভাগ্যৰ ওপৰত। লগতে এই বিশ্বাস পোষণ কৰিব লাগিব যে, আল্লাহে সেই সকলো বিষয়ে অৱগত যিবোৰ অতীত হৈছে আৰু যিবোৰ ভৱিষ্যতত হ'ব। আল্লাহে এই সকলোবোৰ লিপিবদ্ধ কৰি ৰাখিছে, এই বিশ্বজগতত যি যি হয়, তেওঁৰ ইচ্ছাতেই হয় আৰু তেৱেঁই সকলো বস্তুৰ সৃষ্টিকৰ্তা।
গতিকে সিদ্ধন্ত লোৱাত পলম নকৰিব!
কাৰণ পৃথিৱী স্থায়ী বাসস্থান নহয়...
অচিৰেই এই সৌন্দৰ্য্য মলিন পৰিব আৰু সকলো মোহ-মায়া নিৰ্বাপিত হ'ব...
শীঘ্ৰেই সেই দিৱস আহিব যিদিনা মানুহে সকলো কৰ্মৰ হিচাপ দিব লাগিব। সেইটো হৈছে কিয়ামত দিৱস। মহান আল্লাহে কৈছেঃ﴿وَوُضِعَ الْكِتَابُ فَتَرَى الْمُجْرِمِينَ مُشْفِقِينَ مِمَّا فِيهِ وَيَقُولُونَ يَا وَيْلَتَنَا مَالِ هَذَا الْكِتَابِ لاَ يُغَادِرُ صَغِيرَةً وَلاَ كَبِيرَةً إِلاَّ أَحْصَاهَا وَوَجَدُوا مَا عَمِلُوا حَاضِرًا وَلاَ يَظْلِمُ رَبُّكَ أَحَدًا﴾লগতে উপস্থাপিত কৰা হ'ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবা আৰু সিহঁতে ক'ব, 'হায়, দুৰ্ভাগ্য আমাৰ! এইটো কেনেকুৱা গ্ৰন্থ! সৰু-বৰ এনে কোনো কৰ্ম নাই যিটো ইয়াত লিপিবদ্ধ কৰা হোৱা নাই'। সিহঁতে যি আমল কৰিছে সেয়া সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে।(ছুৰা আল-কাহাফঃ ৪৯)
সৰ্বশক্তিমান আল্লাহে এই কথা জনাই দিছে যে, যিয়ে ইছলাম গ্ৰহণ নকৰিব, সি চিৰকাল জাহান্নামত অৱস্থান কৰিব লাগিব।
গতিকে লোকচান সৰু নহয়, বৰং এইটো এটা বৰ ডাঙৰ ক্ষতি। মহান আল্লাহে কৈছেঃ﴿وَمَن يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَن يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ﴾আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব, তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ'ব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব।(ছুৰা আলে-ইমৰাণঃ ৮৫)
ইছলামেই হৈছে সেই ধৰ্ম, যি ধৰ্মৰ বাহিৰে আল্লাহে আন কোনো ধৰ্ম গ্ৰহণ নকৰিব।
আল্লাহেই হৈছে আমাৰ সৃষ্টিকৰ্তা আৰু আমি তেওঁৰ ফালেই উভতি যাব লাগিব, আৰু এই পাৰ্থিৱ জীৱন হৈছে আমাৰ বাবে এটা পৰীক্ষাহে।
প্ৰতিজন ব্যক্তিয়ে এই কথা নিশ্চিতভাৱে বিশ্বাস কৰিব লাগিব যে, এই পাৰ্থিৱ জীৱন নিচেই সৰু, এটা সপোনৰ দৰে। কোনেও নাজানে কেতিয়া তাৰ মৃত্যু হ'ব।
এতেকে সেইদিনা সি কি উত্তৰ দিব, যেতিয়া কিয়ামতৰ দিনা সৃষ্টিকৰ্তাই তাক প্ৰশ্ন কৰিব যে, তুমি সত্য ধৰ্ম কিয় পালন কৰা নাছিলা? সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিয় অনুসৰণ কৰা নাছিলা?
কিয়ামতৰ দিনা সি নিজ প্ৰতিপালকক কি উত্তৰ দিব, অথচ তাৰ প্ৰতিপালকে তাক ইছলাম অস্বীকাৰকাৰীসকলৰ অনুসৰণৰ পৰা বিৰত ৰাখিবলৈ সতৰ্ক কৰিছিল। লগতে এই কথাও জনাই দিছিল যে, যিয়ে ইছলামক অস্বীকাৰ কৰিব, সি জাহান্নামত নিক্ষিপ্ত হ'ব আৰু তাত চিৰকাল অৱস্থান কৰিব।
আল্লাহে কৈছেঃ﴿وَالَّذِينَ كَفَرُوا وَكَذَّبُوا بِآيَاتِنَا أُولَئِكَ أَصْحَابُ النَّارِ هُمْ فِيهَا خَالِدُونَ﴾আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে জুইৰ অধিবাসী। তাত সিহঁতে চিৰকাল থাকিব।(ছুৰা আল-বাক্বাৰাহঃ৩৯)
সত্যক পৰিত্যাগ কৰি পিতৃপুৰুষসকলৰ অন্ধানুকৰণ কৰা লোকৰ কোনো ওজৰ-আপত্তি কামত নাহিব।
সৰ্বশক্তিমান আল্লাহে এই কথাও জনাইছে যে, এনেকুৱা বহুতো লোক আছে যিসকলে নিজৰ সমাজৰ ভয়ত ইছলাম গ্ৰহণ কৰিবলৈ ভয় কৰে।
বহুতো এনেকুৱা লোকো আছে, যিসকলে এই কাৰণে ইছলামক অস্বীকাৰ কৰে যে, সিহঁতে নিজৰ ধৰ্মীয় বিশ্বাস পৰিবৰ্তন কৰিব নিবিচাৰে, যিটো ধৰ্মীয় বিশ্বাস সিহঁতে নিজৰ পূৰ্বপুৰুষসকলৰ পৰা পাইছে, অথবা যিটো পৰিৱেশত সি বসবাস কৰি আছে তাৰ পৰা লাভ কৰিছে, যিটো তাৰ অভ্যাসত পৰিণত হৈছে। এইদৰে বহুতো লোকক বংশীয় গোড়ামী আৰু অসত্যৰ পক্ষপাতিত্বই ইছলাম গ্ৰহণ কৰিবলৈ বাধা দিয়ে।
কিন্তু এইসকল লোকৰ কোনো বাহানা তথা কোনো ওজৰ-আপত্তিয়ে সেইদিনা কোনো কামত নাহিব। সেইদিনা সিহঁত আল্লাহৰ সন্মুখত যুক্তিহীনভাৱে থিয় দিব।
কোনো নাস্তিকে এই বাহানা দেখুৱাব নোৱাৰিব যে, মই নাস্তিক পৰিয়ালত জন্ম হৈছিলোঁ, গতিকে মই নাস্তিক হৈয়ে থাকিম। বৰং তাৰ বাবে জৰুৰী সেই বিবেকৰ সদ্ব্যৱহাৰ কৰা যিটো আল্লাহে তাক প্ৰদান কৰিছে। লগতে সি আকাশমণ্ডল আৰু পৃথিৱীৰ মহানতাৰ প্ৰতি চিন্তা-চৰ্চা কৰা উচিত। সৃষ্টিকৰ্তাই প্ৰদান কৰা বুদ্ধিমত্তাৰ সদ্ব্যৱহাৰ কৰি এই বিশ্বজগতৰ সৃষ্টিকৰ্তা সম্পৰ্কে অৱগত হ'ব লাগিছিল।এইদৰে যিসকলে শিল, বৃক্ষ আৰু মূৰ্তি আদিৰ পূজা পাঠ কৰে, সিহঁতৰো এই বাহানা কোনো কামত নাহিব যে, আমি আমাৰ পূৰ্বপুৰুষসকলক এইবোৰৰ পূজা পাঠ কৰোঁতে দেখিছোঁ। বৰং সিহঁতৰ বাবে জৰুৰী সত্যৰ অনুসন্ধান কৰা, আৰু নিজকে প্ৰশ্ন কৰা উচিত যে, আমি এইবোৰ জড় বস্তুৰ উপাসনা কিয় কৰিম, যিবোৰে শুনিবও নোৱাৰে আৰু দেখিবও নোৱাৰে, আনকি মোৰ কোনো উপকাৰো কৰিব নোৱাৰে?
এইদৰে খ্ৰীষ্টানসকল, যিসকলে প্ৰকৃতি আৰু বিবেকৰ পৰিপন্থী কিছুমান বিষয়ৰ প্ৰতি বিশ্বাস পোষণ কৰে। গতিকে সিহঁতে নিজকে প্ৰশ্ন কৰা উচিত যে, মহান প্ৰতিপালকে নিজৰ পুত্ৰক মানুহৰ গুনাহৰ বাবে কিয় হত্যা কৰিব?! এইটো দেখোন স্পষ্ট অন্যায়। লগতে মানুহৰ বাবে এইটো কেনেকৈ সম্ভৱ যে, মানুহে প্ৰতিপালকৰ পুত্ৰক হত্যা কৰিব পাৰিব বা শূলবিদ্ধ কৰিব পাৰিব?! মহান প্ৰতিপালকে নিজৰ পুত্ৰক হত্যা কৰাৰ অনুমতি নিদিয়াকৈ মানুহৰ গুনাহ ক্ষমা কৰিব নোৱাৰেনে? অথবা নিজৰ পুত্ৰক ৰক্ষা কৰিবলৈ তেওঁৰ ক্ষমতা নাইনে?
গতিকে বিবেকৱান ব্যক্তিৰ কৰ্তব্য হৈছে সত্যৰ অনুসৰণ কৰা, আৰু পূৰ্বপুৰুষসকলৰ অন্ধানুকৰণৰ পৰা বিৰত থকা।
মহান আল্লাহে কৈছে:﴿وَإِذَا قِيلَ لَهُمْ تَعَالَوْا إِلَى مَا أَنْزَلَ اللَّهُ وَإِلَى الرَّسُولِ قَالُوا حَسْبُنَا مَا وَجَدْنَا عَلَيْهِ آبَاءَنَا أَوَلَوْ كَانَ آبَاؤُهُمْ لَا يَعْلَمُونَ شَيْئًا وَلَا يَهْتَدُونَ﴾আৰু যেতিয়া সিহঁতক কোৱা হয়, 'আল্লাহে যি অৱতীৰ্ণ কৰিছে সেইপিনে আৰু ৰাছুলৰ পিনে আহা', তেতিয়া সিহঁতে কয়, 'আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছোঁ সেইটোৱেই আমাৰ বাবে যথেষ্ট'। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎপথ প্ৰাপ্তও নাছিল, (তথাপিও অনুসৰণ কৰিবনে?)(ছুৰা মায়িদাহঃ ১০৪)
সেই ব্যক্তিয়ে কি কৰা উচিত, যিয়ে ইছলাম গ্ৰহণ কৰিব বিচাৰে, কিন্তু নিজৰ আত্মীয়সকলৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ'ব বুলি ভয় কৰে?
যিয়ে ইছলাম গ্ৰহণ কৰিব বিচাৰে কিন্তু তেওঁ নিজৰ চাৰিওফালে থকা পৰিৱেশক ভয় কৰে, তেন্তে তেওঁ ইছলাম গ্ৰহণ কৰাৰ পিছত সেই সময়লৈকে নিজৰ ইছলাম গ্ৰহণৰ বিষয়টোক গোপন ৰাখিব পাৰে, যেতিয়ালৈকে আল্লাহে তেওঁৰ বাবে প্ৰকাশ্যভাৱে ইছলামিক মতে আমল কৰাৰ পৰিৱেশ সৃষ্টি কৰি নিদিয়ে।
গতিকে ইছলাম গ্ৰহণত পলম কৰা উচিত নহয়। বৰং যিমান পাৰে সোনকালে ইছলাম গ্ৰহণ কৰা জৰুৰী। কিন্তু যদি ক্ষতি হোৱাৰ আশংকা থাকে তেন্তে নিজৰ ইছলাম সম্পৰ্কে আশে-পাশে থকা লোকক জনোৱাটো জৰুৰী নহয়।
জানি থোৱা উচিত যে, যেতিয়া তেওঁ ইছলাম গ্ৰহণ কৰিব, লগে লগে তেওঁ লাখ লাখ মুছলমানৰ ভাতৃ হৈ পৰিব। ইয়াৰ পিছত তেওঁ নিজ দেশৰ কোনো মছজিদ বা কোনো ইছলামিক কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি পৰামৰ্শ ল'ব পাৰে আৰু তেওঁলোকৰ পৰা সহায় লাভ কৰিব পাৰে। ইয়াৰ ফলত তেওঁ এটা ভাল পৰিৱেশ লাভ কৰিব আৰু আন্তৰিকভাৱে সুখী হ'ব।
মহান আল্লাহে কৈছে:﴿وَمَنْ يَتَّقِ اللَّهَ يَجْعَلْ لَهُ مَخْرَجًاوَيَرْزُقْهُ مِنْ حَيْثُ لَا يَحْتَسِب﴾আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব, আল্লাহে তাৰ বাবে উত্তৰণৰ পথ উলিয়াই দিব,আৰু তেওঁ তাক এনেকুৱা উৎসৰ পৰা জীৱিকা দান কৰিব, যিটো সি কল্পনাও কৰিব নোৱাৰে।(ছুৰা আত-তালাক্বঃ ২, ৩)
হে সন্মানীয় পাঠক!
মানুহৰ সন্তুষ্টিতকৈ সৃষ্টিকৰ্তাৰ সন্তুষ্টি অধিক গুৰুত্বপূৰ্ণ নহয়নে? যিয়ে আমাক সকলো প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে, তেওঁ আমাক সেই সময়তো খাদ্যৰ যোগান ধৰিছে যেতিয়া আমি মাতৃগৰ্ভত আছিলোঁ, লগতে আমাক বিশুদ্ধ অক্সিজেনৰ যোগান ধৰিছে, যিটোৰে আমি উশাহ লৈ আছোঁ।
দুনিয়া আৰু আখিৰাতৰ সফলতা লাভ কৰিবলৈ হ'লে পাৰ্থিৱ জীৱনৰ ধ্বংসশীল কিছুমান সুখ ত্যাগ কৰাৰ প্ৰয়োজন নাইনে?
আল্লাহৰ শপত, নিশ্চয় আছে!
গতিকে সঠিক পথ গ্ৰহণ কৰিবলৈ আৰু ভুল পথ পৰিত্যাগ কৰাৰ ক্ষেত্ৰত অতীতক বাধা হিচাপে লোৱাটো কেতিয়াও উচিত নহয়।
গতিকে আজিয়েই প্ৰকৃত মুমিন হৈ যোৱা উচিত, আৰু চয়তানক কেতিয়াও সত্যৰ অনুসৰণৰ পৰা বাধা প্ৰদান কৰাৰ সুবিধা দিয়া উচিত নহয়।
মহান আল্লাহে কৈছে:﴿يَا أَيُّهَا النَّاسُ قَدْ جَاءَكُمْ بُرْهَانٌ مِنْ رَبِّكُمْ وَأَنزلْنَا إِلَيْكُمْ نُورًا مُبِينًا (174)فَأَمَّا الَّذِينَ آمَنُوا بِاللَّهِ وَاعْتَصَمُوا بِهِ فَسَيُدْخِلُهُمْ فِي رَحْمَةٍ مِنْهُ وَفَضْلٍ وَيَهْدِيهِمْ إِلَيْهِ صِرَاطًا مُسْتَقِيمًا﴾হে মানৱ! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰমাণ আহিছে, আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ।এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে সিহঁতক তেওঁ নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব, আৰু সিহঁতক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব।(ছুৰা আন-নিছাঃ ১৭৪-১৭৫)
আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো লোৱাৰ বাবে প্ৰস্তুতনে?
আমি উল্লেখ কৰা কথাখিনি যদি যুক্তি সংগত আৰু পাঠকে যদি ইয়াৰ সত্যতাক আন্তৰিকভাৱে বুজি পাইছে, তেন্তে তেওঁ ইছলাম গ্ৰহণৰ দিশত প্ৰথম পদক্ষেপটো এতিয়াই লোৱা উচিত।
যিয়ে নিজৰ জীৱনৰ আটাইতকৈ উত্তম সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়-সহযোগ তথা মুছলিম হ'বলৈ পথনিৰ্দেশনা বিচাৰে,
তেওঁ সতৰ্ক থকা উচিত যে, তেওঁৰ পূৰ্বৱৰ্তী গুনাহে যেন তেওঁক ইছলাম গ্ৰহণত বাধা নিদিয়ে। কিয়নো পৱিত্ৰ কোৰআনত মহান আল্লাহে এই কথা স্পষ্টভাৱে জনাইছে যে, বান্দাই যেতিয়া ইছলাম গ্ৰহণ কৰে তথা সৃষ্টিকৰ্তাৰ ওচৰত তাওবা কৰে, তেতিয়া তেওঁ বান্দাৰ সকলো গুনাহ ক্ষমা কৰি দিয়ে। আনকি ইছলাম গ্ৰহণ কৰাৰ পিছতো সৰু সুৰা গুনাহ বান্দাৰ দ্বাৰা হোৱাটো স্বাভাৱিক। কাৰণ আমি মানুহ, গুনাহৰ পৰা পৱিত্ৰ কোনো ফিৰিস্তা নহয়।কিন্তু আমাৰ কৰ্তব্য হৈছে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ ওচৰত তাওবা কৰা। এতেকে আল্লাহে যেতিয়া দেখিব যে, আমি সত্য গ্ৰহণ কৰাত পলম কৰা নাই আৰু ইছলামত প্ৰৱেশ কৰিছোঁ আৰু দুয়োটা সাক্ষ্য প্ৰদান কৰিছোঁ, তেতিয়া তেওঁ আমাক অন্যান্য গুনাহ পৰিত্যাগ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কিয়নো যিয়ে আল্লাহৰ ফালে ধাৱিত হয় আৰু সত্যৰ অনুসৰণ কৰে, আল্লাহে তাক অধিক কল্যাণৰ সুবিধা দিয়ে। এতেকে ইছলাম গ্ৰহণত দ্বিধাবোধ কৰা উচিত নহয়।
ইয়াৰ প্ৰমাণ হিচাপে মহান আল্লাহৰ এই বাণী চাওকঃ﴿قُلْ لِلَّذِينَ كَفَرُوا إِنْ يَنْتَهُوا يُغْفَرْ لَهُمْ مَا قَدْ سَلَفَ﴾যিসকলে কুফুৰী কৰিছে সিহঁতক কোৱা, 'যদি সিহঁতে (কুফুৰী) পৰিহাৰ কৰে তেন্তে অতীতত যি (পাপ) হৈছে সেয়া আল্লাহে ক্ষমা কৰিব।(ছুৰা আল-আনফালঃ ৩৮)
ইছলাম গ্ৰহণ কৰিবলৈ মই কি কৰিব লাগিব?
ইছলাম গ্ৰহণ কৰাটো একেবাৰে সহজ। ইয়াৰ বাবে কোনো অনুষ্ঠানৰ প্ৰয়োজন নাই আৰু কোনো অফিচিয়েল নটিচৰো প্ৰয়োজন নাই, আৰু কোনো বিশেষ ব্যক্তিৰ উপস্থিতিৰো দৰকাৰ নাই। কেৱল দুটা বিষয়ৰ সাক্ষ্য প্ৰদান কৰিব লাগিব আৰু ইয়াৰ অৰ্থ জানি বুজি ইয়াৰ প্ৰতি বিশ্বাস কৰিব লাগিব, ইয়াৰ বাবে ক'ব লাগিবঃ (আশ্বহাদু আল- লা ইলাহা ইল্লাল্লাহ, ওৱা আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ।) অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ প্ৰেৰিত ৰাছুল।
যদি আৰবীত ক'ব পাৰে তেন্তে এইটো উত্তম। আনহাতে যদি অসুবিধা হয় তেন্তে নিজৰ ভাষাতে ক'ব পাৰে। ইয়াৰ দ্বাৰাই আপুনি এজন মুছলিম হিচাপে গণ্য হ'ব। ইয়াৰ পিছত আপোনাৰ কৰ্তব্য হৈছে লাহে লাহে দ্বীনৰ অন্যান্য বিধি-বিধানবোৰ জনাৰ বাবে চেষ্টা কৰা। এইটোৱে হৈছে পৃথিৱীত সুখী জীৱন লাভ কৰাৰ উৎস আৰু আখিৰাতত মুক্তি পোৱাৰ অন্যতম উপায়।