×
جدبد!

تطبيق موسوعة بيان الإسلام

احصل عليه الآن!

الإسلام دين الفطرة والعقل والسعادة (آسامي)

إعداد:

الوصف

كتاب قيم مترجم للغة الآسامية يوضح أن الإسلام هو دين الفطرة والعقل والسعادة.

تنزيل الكتاب

ইছলাম

সৌভাগ্য আৰু যৌক্তিক তথা মৌলিক স্বভাৱৰ ধৰ্ম।

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত

আপুনি কেতিয়াবা নিজকে এই প্ৰশ্ন কৰিছেনেঃ

আকাশমণ্ডল আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা ডাঙৰ ডাঙৰ মখলুকবোৰক কোনে সৃষ্টি কৰিছে? কোনে ইমান সূক্ষ্ম আৰু নিপুণ-নিখুঁত ব্যৱস্থা প্ৰস্তুত কৰিছে?

বছৰৰ পিছত বছৰ ধৰি ইমান নিপুণ আৰু সূক্ষ্ম নিয়মেৰে এই মহাবিশ্বক তেওঁ কেনেকৈ সুশৃংখল কৰি ৰাখিছে, তথা কেনেকৈ ইয়াৰ ভাৰসাম্য ৰক্ষা কৰিছে?

এই বিশ্বজগত নিজেই নিজকে সৃষ্টি কৰিছে নেকি? নে এইটো কোনো অনস্তিত্বৰ পৰা অস্তিত্বলৈ আহিছে? নে এইটো আকস্মিকভাৱে অস্তিত্বলৈ আহিছে?

আপোনাক কোনে সৃষ্টি কৰিছে?

আপোনাৰ শৰীৰৰ আৰু বিশ্বজগতৰ প্ৰতিটো প্ৰাণীৰ শৰীৰৰ এই সূক্ষ্ম তথা নিপুণ ব্যৱস্থা কোনে তৈয়াৰ কৰিছে?

যদি কাৰোবাক কোৱা হয় যে, এই অট্টালিকাটো নিৰ্মাণ নকৰাকৈয়ে এনেই অস্তিত্বলৈ আহিছে, অথবা অনস্তিত্বই ইয়াক অস্তিত্বলৈ আনিছে, তেন্তে কোনোৱেই এই কথা বিশ্বাস নকৰিব। তেনেহ'লে কিছুমান লোকে কেনেকৈ এই কথা বিশ্বাস কৰে যে, এই বিশ্বজগত কোনো সৃষ্টিকৰ্তা নোহোৱাকৈয়ে অস্তিত্বলৈ আহিছে? এজন বিবেকৱান ব্যক্তিয়ে কেনেকৈ এই কথা বিশ্বাস কৰিব যে, বিশ্বজগতৰ এই নিপুণ তথা নিখুঁত ব্যৱস্থাপনা কোনো স্ৰষ্টা নোহোৱাকৈয়ে আকস্মিকভাৱে অস্তিত্বলৈ আহিছে?

গতিকে এই কথা নিশ্চিত যে, এই বিশ্বজগতৰ নিশ্চয় এজন মহান সৃষ্টিকৰ্তা আছে, যিয়ে এই বিশ্বজগত তথা ইয়াৰ মাজত থকা সকলো বিষয়কে পৰিচালনা কৰে। তেৱেঁই হৈছে পৱিত্ৰ মহান আল্লাহ।

সেই মহান প্ৰতিপালকে আমালৈ বহুতো ৰাছুল প্ৰেৰণ কৰিছে, আৰু অহী যোগে ঐশী গ্ৰন্থ অৱতীৰ্ণ কৰিছে। সেই ধাৰাবাহিকতাৰে সৰ্বশেষ ঐশী গ্ৰন্থ হৈছে আল-কোৰআনুল কাৰীম। যিখন অৱতীৰ্ণ হৈছে আল্লাহৰ সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত। এই গ্ৰন্থসমূহ আৰু ৰাছুলসকলৰ দ্বাৰাই

মহান আল্লাহে তেওঁৰ বিষয়ে আৰু তেওঁৰ গুণাৱলী সম্পৰ্কে তথা তেওঁৰ অধিকাৰ সম্পৰ্কে আমাক অৱগত কৰোৱাইছে। লগতে তেওঁৰ ওচৰত পাবলগীয়া আমাৰ প্ৰাপ্য সম্পৰ্কেও অৱগত কৰিছে।

তেৱেঁই আমাক এই কথা অৱগত কৰোৱাইছে যে, তেৱেঁই হৈছে প্ৰতিপালক, যিয়ে গোটেই বিশ্বজগত আৰু ইয়াৰ মাজৰ সকলোকে সৃষ্টি কৰিছে। তেওঁ চিৰঞ্জীৱ, কেতিয়াও তেওঁৰ মৃত্যু নহয়। প্ৰতিটো সৃষ্টিয়ে তেওঁৰ মুঠিৰ ভিতৰত, প্ৰত্যেকেই তেওঁৰ ক্ষমতা আৰু পৰিচালনাৰ অধীনস্থ।

তেওঁ আমাক এই কথাও জনাইছে যে, তেওঁৰ গুণাৱলীসমূহৰ মাজৰ অন্যতম এটা গুণাৱলী হৈছে, জ্ঞান। তেওঁ নিজৰ জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা, আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তুৱে তেওঁৰ পৰা গোপন নহয়।

মহান প্ৰতিপালক তেৱেঁই চিৰঞ্জীৱ, সৰ্বসত্ত্বাৰ ধাৰক, একমাত্ৰ তেওঁৰ পৰাই প্ৰতিটো জীৱিত মখলুকে জীৱন লাভ কৰিছে, আৰু তেৱেঁই চিৰঞ্জীৱ, প্ৰতিটো মখলুকৰ জীৱন তেওঁৰ দ্বাৰাই পৰিচালিত। যেনে- মহান আল্লাহে কৈছেঃ﴿اللَّهُ لا إِلَهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ لا تَأْخُذُهُ سِنَةٌ وَلا نَوْمٌ لَهُ مَا فِي السَّمَوَاتِ وَمَا فِي الأَرْضِ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلَّا بِإِذْنِهِ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلا يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلَّا بِمَا شَاءَ وَسِعَ كُرْسِيُّهُ السَّمَوَاتِ وَالأَرْضَ وَلا يَئُودُهُ حِفْظُهُمَا وَهُوَ الْعَلِيُّ الْعَظِيمُ﴾ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে, তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছীয়ে আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।(ছুৰা আল-বাক্বাৰাহঃ ২৫৫)

তেওঁ আমাক এই কথাও জনাইছে যে, তেৱেঁই প্ৰকৃত প্ৰতিপালক, যিজন সকলো প্ৰকাৰ পূৰ্ণাংগ গুণাৱলীৰ অধিকাৰী। তেৱেঁই আমাক বিবেক আৰু ইন্দ্ৰিয়শক্তি দান কৰিছে, যাৰ মাধ্যমত তেওঁৰ সৃষ্টিজগতৰ আশ্চৰ্য্যকৰ বিষয়াদিসহ তেওঁৰ ক্ষমতা উপলব্ধি কৰিব পৰা যায়। যিবোৰে তেওঁৰ মহত্ব, ক্ষমতা আৰু পূৰ্ণাংগ গুণাৱলীৰ প্ৰমাণ বহন কৰে। তেওঁ আমাৰ মাজত এনেকুৱা ফিতৰত ৰোপন কৰিছে, যিয়ে তেওঁৰ পূৰ্ণাংগতাৰ প্ৰমাণ বহন কৰে আৰু এই কথাৰো প্ৰমাণ বহন কৰে যে, অপূৰ্ণতাৰ গুণেৰে গুণাম্বিত হোৱাটো তেওঁৰ বাবে প্ৰযোজ্য নহয়।

তেৱেঁই আমাক জ্ঞান দান কৰিছে যে, তেওঁ আকাশমণ্ডলৰ ওপৰত আছে। তেওঁ মহাবিশ্বৰ কোনো অংশ নহয় আৰু মহাবিশ্বও তেওঁৰ সৈতে মিশ্ৰিত নহয়।

তেওঁ এই কথাও জনাইছে যে, মহান পৱিত্ৰ আল্লাহৰ ওচৰত আমি আত্মসমৰ্পন কৰাটো অত্যাৱশ্যক। তেৱেঁই আমাৰ সৃষ্টিকৰ্তা আৰু গোটেই বিশ্বজগতৰ সৃষ্টিকৰ্তা তথা পৰিচালক।

সৃষ্টিকৰ্তাৰ কেইটামান অন্যতম মহৎ গুণ যেনে- তেওঁ কেতিয়াও কোনো প্ৰয়োজন অথবা অপূৰ্ণতাৰ গুণেৰে গুণাম্বিত হোৱাটো শোভনীয় নহয়। এতেকে মহান প্ৰতিপালকে কেতিয়াও কোনো বিষয় পাহৰি নাযায়। তেওঁ টোপনিও নাযায় আৰু খোৱা-বোৱাও নকৰে। লগতে তেওঁৰ ক্ষেত্ৰত এইটোও সম্ভৱ নহয় যে, তেওঁৰ কোনো স্ত্ৰী বা সন্তান থাকিব। যিবোৰ গ্ৰন্থত সৃষ্টিকৰ্তাৰ মহত্বৰ গুণাৱলীৰ পৰিপন্থী যিবোৰ কথা উল্লেখ আছে, সেইবোৰ কদাপিও আল্লাহৰ ৰাছুলসকলে লৈ অহা সঠিক ঐশী বাণী হ'ব নোৱাৰে।

পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ﴿قُلۡ هُوَ ٱللَّهُ أَحَدٌ * কোৱা, 'তেওঁ আল্লাহ, এক-অদ্বিতীয়,ٱللَّهُ ٱلصَّمَدُ * আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)لَمۡ یَلِدۡ وَلَمۡ یُولَدۡ * তেওঁ কাকো জন্ম দিয়া নাই, আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই।وَلَمۡ یَكُن لَّهُۥ كُفُوًا أَحَدُۢ﴾ তেওঁৰ সমকক্ষ কোনো নাই।(ছুৰা আল-ইখলাচঃ ১-৪)

যদি আপুনি মহান প্ৰতিপালক তথা মহান সৃষ্টিকৰ্তাৰ প্ৰতি ঈমান পোষণ কৰে--- তেন্তে আপুনি কেতিয়াবা নিজকে আপোনাৰ সৃষ্টিৰ উদ্দেশ্য সম্পৰ্কে প্ৰশ্ন কৰিছেনে? আল্লাহে আমাৰ পৰা কি বিচাৰে? আমাৰ অস্তিত্বৰ লক্ষ্য-উদ্দেশ্য কি?

এইটো সম্ভৱনে যে, আল্লাহে আমাক সৃষ্টি কৰি এনেই উদ্দেশ্যহীনভাৱে এৰি দিছে? অথবা এইটো সম্ভৱনে যে, আল্লাহে এই সকলো মখলুকক কোনো লক্ষ্য-উদ্দেশ্য নোহোৱাকৈয়ে সৃষ্টি কৰিছে?

প্ৰকৃততে মহান প্ৰতিপালক তথা মহান সৃষ্টিকৰ্তা "আল্লাহে" আমাক আমাৰ সৃষ্টিৰ উদ্দেশ্য সম্পৰ্কে অৱগত কৰিছে। সেইটো হৈছে, একমাত্ৰ আল্লাহৰ ইবাদত কৰা। তেওঁ আমাৰ পৰা কি বিচাৰে? তেওঁ এই বিষয়ে জনাইছে যে, আমি যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ, কাৰণ একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত। আমি তেওঁৰ ইবাদত কেনেকৈ কৰিম? এই বিষয়ে তেওঁ ৰাছুলসকলৰ মাধ্যমত আমাক বিস্তাৰিতভাৱে জনাইছে। লগতে এই কথাও জনাইছে যে, আমি কেনেকৈ তেওঁৰ আদেশ পালনৰ মাধ্যমত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ মাধ্যমত তেওঁৰ নৈকট্য লাভ কৰিম, আৰু কেনেকৈ তেওঁৰ সন্তুষ্টি অৰ্জন কৰিম, আৰু কেনেকৈ তেওঁৰ শাস্তিৰ পৰা সতৰ্ক থাকিম। তেওঁ আমাক এই বিষয়েও সংবাদ দিছে যে, মৃত্যুৰ পিছত আমাৰ ঠিকনা কি হ'ব?

তেওঁ আমাক এই কথাও জনাইছে যে, এই পাৰ্থিৱ জীৱন হৈছে এটা পৰীক্ষা মাথোন। আনহাতে প্ৰকৃত পূৰ্ণাংগ জীৱন হ'ব মৃত্যুৰ পিছত পাবলগীয়া আখিৰাতৰ জীৱন।

তেওঁ আমাক এই কথাও জনাইছে যে, যিয়ে আল্লাহৰ আদেশ অনুযায়ী ইবাদত কৰিব আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহৰ পৰা বিৰত থাকিব, তাৰ বাবে আছে পৃথিৱীত উত্তম জীৱন আৰু আখিৰাতত আছে স্থায়ী নিয়ামত। পক্ষান্তৰে যিয়ে তেওঁৰ অবাধ্যতা কৰিব আৰু তেওঁৰ সৈতে কুফৰী কৰিব, তাৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু আখিৰাতত আছে চিৰস্থায়ী শাস্তি।

কাৰণ আমি জানো যে, আমি প্ৰত্যেকেই ভাল হওক বা বেয়া প্ৰতিটো কৰ্মৰ প্ৰতিফল নোপোৱাকৈ এই জীৱনটো পাৰ কৰিব নোৱাৰোঁ। গতিকে অত্যাচাৰীসকলক কোনো শাস্তি নিদিয়াকৈ আৰু ভাল কাম কৰাসকলক কোনো পুৰস্কাৰ নিদিয়াকৈ এনেই এৰি দিয়া হ'বনে?

আমাৰ প্ৰতিপালকে আমাক এই কথাও জনাইছে যে, দ্বীন ইছলামত প্ৰৱেশ নকৰাকৈ তেওঁৰ সন্তুষ্টি লাভ কৰি সফলতা অৰ্জন কৰা আৰু তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পোৱাটো কেতিয়াও সম্ভৱ নহয়। ইছলামত প্ৰৱেশ কৰাৰ অৰ্থ হৈছে, আল্লাহৰ ওচৰত পৰিপূৰ্ণৰূপে আত্মসমৰ্পন কৰা, এককভাৱে তেওঁৰেই ইবাদত কৰা, আৰু তেওঁৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰা, লগতে তেওঁৰ আনুগত্যৰ মাধ্যমত বশ্যতা স্বীকাৰ কৰা। চৰীয়তৰ বিধি-বিধান সন্তুষ্টিচিত্তে পালন কৰা, তথা গ্ৰহণ কৰা। তেওঁ আমাক এই কথাও জনাইছে যে, তেওঁ মানুহৰ পৰা ইয়াৰ বাহিৰে আন কোনো ধৰ্ম গ্ৰহণ নকৰিব। যেনে- মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ(وَمَن يَبۡتَغِ غَيۡرَ ٱلۡإِسۡلَٰمِ دِينا فَلَن يُقۡبَلَ مِنۡهُ وَهُوَ فِي ٱلۡأٓخِرَةِ مِنَ ٱلۡخَٰسِرِينَ) আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব, তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ'ব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব।(ছুৰা আলে-ইমৰাণঃ ৮৫)

সাম্প্ৰতিক সময়ত অধিকাংশ মানুহে যিবোৰ উপাস্যৰ উপাসনা কৰে, সিহঁতৰ প্ৰতি দৃষ্টিপাত কৰিলে আপুনি দেখিবলৈ পাব যে, সিহঁতৰ কিছুমানে মানুহৰ উপাসনা কৰে, আকৌ কিছুমানে মূৰ্তিপূজা কৰে, আকৌ আন কিছুমানে গ্ৰহ-নক্ষত্ৰ আদিৰ উপাসনা কৰে। কিন্তু কোনো বিবেকৱান ব্যক্তিৰ বাবে এইটো শোভনীয় নহয় যে, সি মহাবিশ্বৰ প্ৰতিপালক আল্লাহৰ বাহিৰে বেলেগ কাৰো ইবাদত কৰিব, যিজন পূৰ্ণাংগ গুণাৱলীৰ অধিকাৰী। গতিকে সি কেনেকৈ নিজৰ দৰেই এটা সৃষ্টি অথবা তাতকৈও নিম্নশ্ৰেণীৰ এটা সৃষ্টিৰ উপাসনা কৰিব পাৰে। কিয়নো মানুহেই হওক বা মূৰ্ত্তি-প্ৰতিমা অথবা বৃক্ষাদি নাইবা জীৱ-জন্তু কোনোৱেই উপাস্য হ'ব নোৱাৰে।

ইছলামৰ বাহিৰে, আজি মানুহে যিবোৰ ধৰ্মৰ মাধ্যমত ইবাদত কৰি আছে, সেইবোৰ ধৰ্মক আল্লাহে কেতিয়াও গ্ৰহণ নকৰিব। কিয়নো সেইবোৰ ধৰ্ম হয়তো মানুহে নিজেই সৃষ্টি কৰিছে, অথবা প্ৰথমাৱস্থাত হয়তো সেইটো ঐশী ধৰ্ম আছিল, কিন্তু পৰৱৰ্তী সময়ত মানুহে সেইটোক পৰিবৰ্তন কৰি বিকৃত কৰিছে। পক্ষান্তৰে ইছলাম হৈছে মহাবিশ্বৰ প্ৰতিপালক আল্লাহৰ মনোনীত ধৰ্ম। যিটো কেতিয়াও পৰিবৰ্তন নহ'ব আৰু বিকৃতও নহ'ব। এই ধৰ্মৰ মূল গ্ৰন্থৰ নাম হৈছে আল-কোৰআনুল কাৰীম। এইখন আজিলৈকে সেই অৱস্থাতে সংৰক্ষিত আছে, যেনেকৈ আল্লাহে অৱতীৰ্ণ কৰিছে, আৰু মুছলিমসকলৰ হাতত সেই ভাষাতে এতিয়াও আছে, যি ভাষাত সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছিল।

ইছলামৰ এটা অন্যতম মৌলিক নীতি হৈছে এই যে, মুছলিম হিচাপে আপুনি প্ৰত্যেক সেই ৰাছুলৰ প্ৰতি ঈমান আনিব লাগিব, যিসকলক আল্লাহে ৰাছুল হিচাপে প্ৰেৰণ কৰিছে। তেওঁলোক সকলোৱে আছিল মানৱজাতিৰ অন্তৰ্ভুক্ত। আল্লাহে তেওঁলোকক বিভিন্ন নিদৰ্শন আৰু অলৌকিকতাৰ মাধ্যমত সমৰ্থন কৰিছিল তথা শক্তিশালী কৰিছিল। আল্লাহে তেওঁলোকক প্ৰেৰণ কৰিছিল তেওঁৰ ইবাদতৰ প্ৰতি মানুহক আহ্বান কৰিবলৈ, কাৰণ তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই।ৰাছুলসকলৰ ধাৰাবাহিকতাৰ সৰ্বশেষ তথা অন্তিম ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। আল্লাহে তেওঁক সৰ্বশেষ ঐশী চৰীয়ত প্ৰদান কৰি প্ৰেৰণ কৰিছে। যি চৰীয়তে তাৰ আগৰ সকলো ৰাছুলৰ চৰীয়তকে ৰহিত কৰিছে। আল্লাহে তেওঁক মহা নিদৰ্শনসমূহৰ মাধ্যমত সমৰ্থন তথা শক্তিশালী কৰিছিল। তাৰে অন্যতম মহা নিদৰ্শন হৈছে আল-কোৰআন আল-কাৰীম। এইটো হৈছে মহাবিশ্বৰ প্ৰতিপালক আল্লাহৰ বাণী। এইখন হৈছে মানৱজাতিৰ ওচৰত পৰিচিত আটাইতকৈ উত্তম গ্ৰন্থ। ইয়াৰ বিষয়বস্তু, শব্দ, শব্দ গাঁথনি আৰু বিধি-বিধান আটায়ে হৈছে অলৌকিকতা। ইয়াৰ মাজত আছে সত্যৰ হিদায়ত, যিয়ে পৃথিৱী আৰু আখিৰাতৰ সৌভাগ্যৰ প্ৰতি ধাৱিত কৰে। এইখন আৰবী ভাষাত অৱতীৰ্ণ হৈছে।

এই বিষয়ে বহুতো এনেকুৱা যৌক্তিক আৰু বৈজ্ঞানিক প্ৰমাণ আছে, যিবোৰে নিঃসন্দেহে প্ৰমাণ কৰে যে, এই কোৰআন হৈছে মহান সৃষ্টিকৰ্তা আল্লাহৰ বাণী, ইয়াক মানুহে প্ৰস্তুত কৰা অসম্ভৱ।

এইটোও ইছলামৰ মৌলিক নীতি যে, আপুনি মুছলিম হিচাপে ফিৰিস্তাসকলৰ প্ৰতি ঈমান আনিব লাগিব, লগতে ঈমান আনিব লাগিব শেষ দিৱসৰ প্ৰতি, যেতিয়া আল্লাহে মানুহক কবৰৰ পৰা কিয়ামতৰ দিনা পুনৰুত্থিত কৰিব, সিহঁতৰ কৃতকৰ্মৰ হিচাপ গ্ৰহণৰ বাবে। এতেকে যিয়ে ঈমান পোষণ কৰি নেক আমল কৰিব, তাৰ বাবে আছে জান্নাতত চিৰস্থায়ী নিয়ামত। আনহাতে যিয়ে অস্বীকাৰ কৰি বেয়া কৰ্ম কৰিব, তাৰ বাবে আছে জাহান্নামৰ মহা শাস্তি। ইছলামৰ এইটোও এটা মূলনীতি যে, আপুনি সেই ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব, যিটোক আল্লাহে নিৰ্ধাৰণ কৰিছে, ভাল হওক বা বেয়া।

ইছলাম হৈছে এটা সামগ্ৰীক জীৱন ব্যৱস্থা, যিটো স্বভাৱজাত প্ৰকৃতি আৰু সুস্থ বিবেকৰ অনুকূল। ইয়াক অবিকৃত মনে স্বাভাৱিকভাৱেই গ্ৰহণ কৰে। ইয়াক মহান সৃষ্টিকৰ্তাই সৃষ্টিজগতৰ বাবে চৰীয়ত হিচাপে নিৰ্ধাৰণ কৰিছে। পৃথিৱী আৰু আখিৰাত উভয় স্থানতে সকলো মানুহৰ বাবে এইটো হৈছে কল্যাণ আৰু সুখৰ ধৰ্ম। ইয়াত কোনো বৰ্ণবিভেদ বা গোত্ৰবিভেদ নাই। ইয়াত সকলো মানুহেই সমান। নেক আমলৰ বাহিৰে ইছলামে বেলেগ কোনো ক্ষেত্ৰতেই ইজনক সিজনৰ ওপৰত প্ৰাধান্য নিদিয়ে।

মহান আল্লাহে কৈছে:(مَنۡ عَمِلَ صَٰلِحا مِّن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِن فَلَنُحۡيِيَنَّهُۥ حَيَوٰة طَيِّبَة وَلَنَجۡزِيَنَّهُمۡ أَجۡرَهُم بِأَحۡسَنِ مَا كَانُواْ يَعۡمَلُونَ) ঈমানৰ অৱস্থাত পুৰুষে হওক বা নাৰী, যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।(ছুৰা আন-নাহলঃ ৯৭)

মহান আল্লাহে পৱিত্ৰ কোৰআনত যিবোৰ বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰিছে, তাৰে অন্যতম হৈছে আল্লাহক প্ৰতিপালক হিচাপে তথা উপাস্য হিচাপে বিশ্বাস কৰা, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে বিশ্বাস কৰা। ইছলামত প্ৰৱেশ কৰা বিষয়টো হৈছে এটা বাধ্যতামূলক বিষয়, এই ক্ষেত্ৰত মানুহৰ বাবে কোনো বিকল্প নাই, আৰু কিয়ামতৰ দিনা হিচাপ-নিকাচ লোৱা হ'ব আৰু প্ৰতিদান দিয়া হ'ব। গতিকে যিয়ে প্ৰকৃত মুমিন হ'ব, তেৱেঁই উত্তীৰ্ণ হ'ব আৰু মহাসফলতা লাভ কৰিব। আনহাতে যিয়ে অস্বীকাৰ কৰিব, সি স্পষ্ট ক্ষতিৰ সন্মুখীন হ'ব।

মহান আল্লাহে কৈছে:(... وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ يُدۡخِلۡهُ جَنَّٰت تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَاۚ وَذَٰلِكَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ، এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰখা। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ'ব; আৰু এইটোৱেই হৈছে মহাসফলতা।وَمَن يَعۡصِ ٱللَّهَ وَرَسُولَهُۥ وَيَتَعَدَّ حُدُودَهُۥ يُدۡخِلۡهُ نَارًا خَٰلِدا فِيهَا وَلَهُۥ عَذَاب مُّهِين) যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব, আল্লাহে তাক জুইত নিক্ষেপ কৰিব, তাত সি চিৰস্থায়ী হ'ব; আৰু তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।(ছুৰা আন-নিছাঃ ১৩-১৪)

এতেকে যিয়ে ইছলাম গ্ৰহণ কৰিব বিচাৰে, তাৰ কৰ্তব্য হৈছে, এই বাক্যৰ স্বীকৃতি দিয়া যে, أشهد أن لا إله إلا الله وأشهد أن محمدًا رسول الله "আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ, অ আশ্বাহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ"। (অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল।) ইয়াৰ অৰ্থ জানি বুজি আৰু ইয়াৰ প্ৰতি ঈমান পোষণ কৰি স্বীকৃতি প্ৰদান কৰিলেই তেওঁ মুছলিম হিচাপে বিবেচিত হ'ব। ইয়াৰ পিছত লাহে লাহে চৰীয়তৰ যাৱতীয় বিধি-বিধান সম্পৰ্কে জ্ঞান অৰ্জন কৰিব লাগিব, যাতে আল্লাহে যিবোৰ বিষয় অনিবাৰ্য কৰিছে সেইবোৰ তেওঁ সুচাৰুৰূপে পালন কৰিব পাৰে।

ইছলাম

সৌভাগ্য আৰু যৌক্তিক তথা মৌলিক স্বভাৱৰ ধৰ্ম।

আপোনাক কোনে সৃষ্টি কৰিছে?

এইটো সম্ভৱনে যে, আল্লাহে আমাক সৃষ্টি কৰি এনেই উদ্দেশ্যহীনভাৱে এৰি দিছে? অথবা এইটো সম্ভৱনে যে, আল্লাহে এই সকলো মখলুকক কোনো লক্ষ্য-উদ্দেশ্য নোহোৱাকৈয়ে সৃষ্টি কৰিছে?

কাৰণ আমি জানো যে, আমি প্ৰত্যেকেই ভাল হওক বা বেয়া প্ৰতিটো কৰ্মৰ প্ৰতিফল নোপোৱাকৈ এই জীৱনটো পাৰ কৰিব নোৱাৰোঁ। গতিকে অত্যাচাৰীসকলক কোনো শাস্তি নিদিয়াকৈ আৰু ভাল কাম কৰাসকলক কোনো পুৰস্কাৰ নিদিয়াকৈ এনেই এৰি দিয়া হ'বনে?

معلومات المادة باللغة الأصلية