الوصف
كتاب مترجم إلى اللغة الآسامية، عبارة عن نبذة موجزة عن رسول الإسلام محمد صلى الله عليه وسلم تحتوى على، اسمه ونسبه وبلده وزواجه، ورسالته، والذي دعا إليه، وآيات نبوته، وشريعته، وموقف خصومه منه.
ترجمات أخرى 61
আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
এইখন হৈছে পৱিত্ৰ ইছলামৰ বাৰ্তাবাহক মুহাম্মদ(১) চাল্লাল্লাহু আলাইহি অছাল্লামৰ সংক্ষিপ্ত পৰিচিতি। ইয়াত মই উল্লেখ কৰিম তেখেতৰ নাম, বংশ পৰিচয়, তেখেতৰ মাতৃভূমি, তেখেতৰ বিবাহ সম্পৰ্কে, আৰু তেখেতৰ সেই ৰিছালত সম্পৰ্কে যিটোৰ পিনে তেওঁ মানুহক আহ্বান কৰিছিল, লগতে তেখেতৰ নবুওৱতৰ নিদৰ্শন সম্পৰ্কে আৰু চৰীয়ত সম্পৰ্কে, লগতে এইক্ষেত্ৰত হোৱা বিবাদৰ স্থিতি সম্পৰ্কে।
ইছলামৰ ৰাছুল হৈছে মুহাম্মদ বিন আব্দুল্লাহ বিন আব্দুল মুত্তালিব বিন হাশ্বিম। তেখেত হৈছে ইছমাঈল বিন ইব্ৰাহীম আলাইহিচ্ছালামৰ বংশধৰ।কাৰণ নবী ইব্ৰাহীম আলাইহিচ্ছালাম শ্বামদেশৰ পৰা মক্কালৈ আহিছিল আৰু তেওঁৰ লগত তেওঁৰ পত্নী হাজিৰ আৰু তেওঁৰ পুত্ৰ ইছমাঈল আছিল, ইছমাঈল তেতিয়া কোলাৰ শিশু আছিল। আল্লাহৰ আদেশত নবী ইব্ৰাহীমে তেওঁলোক দুয়োকে মক্কাত বসতি দিছিল। পুত্ৰ ডাঙৰ হোৱাৰ পিছত নবী ইব্ৰাহীম আলাইহিচ্ছালামে আকৌ মক্কালৈ আহিছিল আৰু পিতা পুত্ৰই মিলি কাবা ঘৰ নিৰ্মাণ কৰিছিল। কাবাৰ চাৰিওফালে জনসংখ্যা বৃদ্ধি হৈছিল। এইদৰে মক্কা নগৰী বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ইবাদত স্থলীলৈ পৰিণত হৈছিল। মানুহে অতি আগ্ৰহেৰে হজ্জ আদায় কৰিবলৈ আহিছিল। এইদৰে মানুহে কেইবাটাও শতাব্দীলৈকে ইব্ৰাহীম আলাইহিচ্ছালামৰ মিল্লত অনুসৰি তাওহীদৰ ওপৰত আল্লাহৰ ইবাদত কৰিছিল।ইয়াৰ পিছত বক্ৰতা আৰম্ভ হয় আৰু আৰবৰ অৱস্থাও অন্যান্য দেশৰ দৰেই হৈ পৰে। বিভিন্ন শ্বিৰ্কীয়া তথা পাপকৰ্মত লিপ্ত হয়, যেনে মূৰ্ত্তি পূজা, জীৱিত কন্যা শিশুক দাফন কৰা, নাৰীৰ প্ৰতি অন্যায় কৰা, মিছা কথা কোৱা, মাদক দ্ৰৱ্য সেৱন কৰা, অশ্লীল কৰ্মত লিপ্ত হোৱা, অনাথৰ সম্পদ আত্মসাৎ কৰা, সুত খোৱা ইত্যাদি।এই পৰিৱেশতে সেই ঠাইত ৫৭১ ইংৰাজী চনত ইছলামৰ বাৰ্তাবাহক ইছমাঈল বিন ইব্ৰাহীমৰ বংশধৰ ৰাছুল মুহাম্মদ বিন আব্দুল্লাহে জন্ম গ্ৰহণ কৰে। তেখেত ভূমিষ্ঠ হোৱাৰ পূৰ্বেই তেখেতৰ পিতাৰ ইন্তেকাল হৈছিল আৰু ছয় বছৰ বয়সত তেখেতৰ মাতৃ ঢুকাইছিল। ইয়াৰ পিছত তেখেতৰ খুৰাই তেখেতক পোহ পাল দিছিল আৰু তেখেতে অনাথ তথা দৰিদ্ৰ অৱস্থাত ডাঙৰ দীঘল হৈছিল। তেখেতে নিজ হাতে উপাৰ্জন কৰি জীৱন যাপন কৰিছিল।
তেখেতে পঁচিছ বছৰ বয়সত মক্কাৰ এজনী সম্ভ্ৰান্ত মহিলাৰ সৈতে বিবাহত আৱদ্ধ হৈছিল। সেই মহিলাজনীৰ নাম আছিল খাদীজাহ বিন্তে খুৱাইলিদ ৰাদ্বিয়াল্লাহু আনহা। আল্লাহে তেওঁৰ পৰা চাৰিজনী ছোৱালী আৰু দুজন পুত্ৰ সন্তান দান কৰিছিল। কিন্তু শিশুকালতে পুত্ৰ দুজনৰ মৃত্যু হৈছিল। তেখেতে নিজৰ স্ত্ৰী আৰু পৰিয়ালৰ সৈতে নম্ৰ ব্যৱহাৰ কৰিছিল তথা মুহাব্বত কৰিছিল। এইদৰে তেখেতৰ স্ত্ৰী খাদীজায়ো তেখেতক বহুত মুহাব্বত কৰিছিল। সেইকাৰণেই তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে খাদীজাৰ মুহাব্বতক তেওঁৰ মৃত্যুৰ পিছতো দীৰ্ঘ সময়লৈকে পাহৰা নাছিল। কেতিয়াবা ছাগলী জবেহ কৰিলে খাদীজাৰ সখিহঁতলৈ মাংস পঠিয়াই দিছিল। তেওঁৰ প্ৰতি সন্মান জনাই তথা তেওঁৰ মুহাব্বতক জীয়াই ৰাখিবলৈ তেখেতে এনেকুৱা কৰিছিল।
ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সৃষ্টিৰ পৰাই মহান চৰিত্ৰৰ অধিকাৰী আছিল। সেইকাৰণেই তেখেতৰ সম্প্ৰদায়ে তেখেতক সত্যবাদী বিশ্বস্ত বুলি নামকৰণ কৰিছিল। তেখেতে তেওঁলোকৰ সৈতে মহৎ কামতো ভাগ লৈছিল। কিন্তু সিহঁতে কৰা মূৰ্ত্তিপূজা আৰু শ্বিৰ্কীয়া কামক তেখেতে আগৰ পৰাই ঘৃণা কৰিছিল।
মক্কাত থকা অৱস্থাত যেতিয়া তেখেতে চল্লিশ বছৰত ভৰি দিছিল, তেতিয়া আল্লাহে তেখেতক ৰাছুল হিচাপে নিৰ্বাচন কৰিছিল। ফলত ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালামে আগমন কৰি তেখেতৰ ওপৰত কোৰআনৰ প্ৰথম ছুৰা অৱতীৰ্ণ কৰিছিল। সেয়া আছিল এই ছুৰাঃ(اقْرَأْ بِاسْمِ رَبِّكَ الَّذِي خَلَقَ (1) পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে,خَلَقَ الْإِنسَانَ مِنْ عَلَقٍ (2) তেওঁ মানুহক আলাক্ব (ৰক্তপিণ্ড)ৰ পৰা সৃষ্টি কৰিছে।اقْرَأْ وَرَبُّكَ الْأَكْرَمُ (3) পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।الَّذِي عَلَّمَ بِالْقَلَمِ (4) যিজনে কলমৰ সহায়ত শিক্ষা দিছে।عَلَّمَ الْإِنسَانَ مَا لَمْ يَعْلَمْ (5)) তেওঁ মানুহক এনেকুৱা শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।(ছুৰা আলাক্বঃ ১-৫)এই বাণী লাভ কৰাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ততাতৈয়াকৈ খাদীজা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ আহিল, সেই সময়ত তেখেতৰ অন্তৰ কপি আছিল। তেখেত আহি খাদীজাক ঘটনাটো ভাঙি পাতি ক'লে আৰু খাদীজা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক বুজনি দিলে আৰু তেখেতক লগতলৈ তেওঁৰ খুৰাৰ ল'ৰা অৰাক্বাহ বিন নওফলৰ ওচৰলৈ লৈ গ'ল। তেওঁ আছিল এজন খৃষ্টান ধৰ্মাৱলম্বী লোক। তেওঁ তাওৰাত আৰু ইঞ্জীল পঢ়িব পাৰিছিল। খাদীজা ৰাদ্বিয়াল্লাহু আনহাই তেওঁক ক'লে, হে মোৰ খুৰাৰ লৰা! আপোনাৰ ভতিজাৰ কথাখিনি শুনকচোন। এই শুনি অৰাক্বাই সুধিলেঃ হে মোৰ ভতিজা! তুমি কি দেখিছা? উত্তৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই সকলো কথা ভাঙি পাতি ক'লে তেখেতে যি যি দেখিছিল। সেইখিনি শুনি অৰাক্বাই ক'লেঃএইজন সেই ফিৰিস্তা যাক আল্লাহে মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ কৰিছিল। হায়! মই যদি সেইদিনা থাকিলোঁহেঁতেন। হায়! মই যদি সেইদিনা জীৱিত থাকিলোঁহেঁতেন, যিদিনা তোমাৰ সম্প্ৰদায়ৰ লোকে তোমাক বহিষ্কাৰ কৰিব।' আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'সিহঁতে মোক বহিষ্কাৰ কৰিব নেকি?' তেখেতে ক'লে, 'হয়, তুমি যি লৈ আহিছা এনেকুৱা (অহী) যিয়েই লৈ আহিছে তাৰেই লগত বৈৰিতাপূৰ্ণ আচৰণ কৰা হৈছে। সেইদিনা যদি মই থাকোঁ, তেন্তে মই তোমাক পূৰ্ণ-সহায় সহযোগ কৰিম।'
মক্কাত তেখেতৰ ওপৰত যথাক্ৰমে কোৰআন অৱতীৰ্ণ হোৱা আৰম্ভ হ'ল, এই বাণী বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ পৰা জিব্ৰীল আলাইহিচ্ছালামে অৱতীৰ্ণ কৰিছিল, এই বিষয়ে ৰিছালত সংক্ৰান্তীয় আলোচনাত সবিশেষ বৰ্ণনা কৰা হ'ব।
এইদৰে তেখেতে মানুহক ইছলামৰ পিনে আহ্বান কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তেখেতৰ সম্প্ৰদায়ে তেখেতৰ সৈতে বিৰোধিতা আৰম্ভ কৰিলে আৰু বৈৰিতাপূৰ্ণ স্বভাৱ অৱলম্বন কৰিলে। আনকি তেখেতক এই দাৱাতি কৰ্মৰ পৰা আঁতৰাবলৈ সিহঁতে তেখেতৰ সন্মুখত আকৰ্ষণীয় বিনিময়ো উপস্থাপন কৰিলে। যেনে- ধন-সম্পদ আৰু ৰাজত্ব। কিন্তু তেখেতে এই সকলোবোৰ প্ৰলোভনক নাকচ কৰিলে। সেয়ে সিহঁতেও সেই কথাকেই পুনৰাবৃত্তি কৰিলে যিটো পূৰ্বৱৰ্তী ৰাছুলসকলক তেওঁলোকৰ সম্প্ৰদায়ৰ নেতাসকলে কৈছিল, যেনেঃ যাদুকৰ, মিছলীয়া, মিছা ৰটনাকাৰী ইত্যাদি, লগতে তেখেতৰ ওপৰত সিহঁতে চাপ সৃষ্টি কৰিলে। আনকি তেখেতক শাৰীৰিকভাৱে আঘাতো কৰিছিল আৰু সিহঁতৰ চোৱা-চেলেকাবোৰেও ক্ষতি কৰিছিল।এইদৰে তেখেতে মক্কাত দাৱাতৰ কাম কৰি আছিল। বিশেষকৈ তেখেতে হজ্জৰ সময়ছোৱাক আৰু বতৰীয়া বজাৰসমূহক লক্ষ্য কৰি লৈছিল। তাত তেখেতে মানুহৰ সৈতে সাক্ষাৎ কৰিছিল আৰু ইছলামৰ বাৰ্তা উপস্থাপন কৰিছিল। তেখেতে কেতিয়াও পাৰ্থিৱ সা-সামগ্ৰী তথা ৰাজত্ব কামনা কৰা নাছিল। তৰোৱালকো ভয় কৰা নাছিল। তেখেতৰ কোনো বিশেষ ক্ষমতাও নাছিল আৰু কোনো ৰাজত্বও নাছিল। তেখেতে দাৱাতৰ আৰম্ভণিতেই প্ৰত্যাহ্বান জনাই কৈছিল, মোৰ ওপৰত অৱতীৰ্ণ হোৱা মহান কোৰআনৰ সমপৰ্যায়ৰ কোনো এখন কিতাব ৰচনা কৰি দেখুৱাচোন। এইদৰে তেখেতে বিৰোধীসকলক সদায় প্ৰত্যাহ্বান জনাইছিল। ফলত বহুতেই ঈমান আনিছিল। যেনে চাহাবাই কেৰাম ৰাজিআল্লাহু আনহুম আজমাঈন।
মক্কাত আল্লাহে তেখেতক এটা ডাঙৰ নিদৰ্শনৰ দ্বাৰা সন্মানিত কৰিছিল, সেয়া হৈছে ইছৰা আৰু মেৰাজ। ৰাতিৰ ভাগত তেখেতক মক্কাৰ পৰা বাইতুল মাক্বদিছলৈ লৈ গৈছিল আৰু তাৰ পিছত আকাশলৈ আৰোহণ কৰোৱাইছিল। এই কথাও সৰ্বজনবিদীত যে, নিশ্চয় আল্লাহে নবী ইলিয়াছ আৰু ঈছা আলাইহিমাচ্ছালামকো আকাশলৈ উঠাই লৈছে, এই কথা মুছলিম আৰু খৃষ্টানসকলৰ মাজত চৰ্চিত।নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ পৰা আকাশৰ পৰাই নামাজৰ বিধান লৈ আহিছিল। সেই বিধানটো হৈছে এই নামাজৰেই বিধান, যিটো আজি মুছলিমসকলে দিনে ৰাতি পাঁচবাৰকৈ আদায় কৰে। তেখেত মক্কাত থকা অৱস্থাতেই আন এটা নিদৰ্শন লাভ কৰিছিল সেয়া হৈছে চন্দ্ৰ দ্বি খণ্ডিত হোৱা। এই নিদৰ্শনটো মুশ্বৰিকসকলেও প্ৰত্যক্ষ কৰিছিল।
তেখেতৰ এই দাৱাতি কাম বন্ধ কৰিবলৈ কাফিৰসকলে সৰ্বতো প্ৰকাৰে চেষ্টা কৰিছিল। তেখেতক ইয়াৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন চক্ৰান্ত আৰু ষড়যন্ত্ৰ ৰচিছিল। লগতে নিদৰ্শন বিচাৰি সদায় বিৰক্ত কৰিছিল, আনকি তেখেতৰ পৰা মানুহক বিৰত ৰাখিবলৈ বিতৰ্ক কৰাৰ বাবে ইয়াহুদীসকলৰো সহায় লৈছিল, যাতে সিহঁতৰ ওচৰত থকা প্ৰমাণ আদিৰে বিতৰ্ক কৰাত সহায় হয়।
কাফিৰসকলৰ নিৰ্যাতন বৃদ্ধি পোৱাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিনসকলক আবিচিনিয়ালৈ হিজৰত কৰাৰ অনুমতি প্ৰদান কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক কৈছিলঃ তাত এজন এনেকুৱা ৰজা আছে যিজন অত্যন্ত ন্যায়পৰায়ণ, কাৰো প্ৰতি অন্যায় নকৰে। তেওঁ হৈছে খৃষ্টান ধৰ্মাৱলম্বী ৰজা। ফলত তেওঁলোকৰ মাজৰ দুটা দলে আবিচিনিয়ালৈ হিজৰত কৰিছিল। তেওঁলোকে আবিচিনিয়াত উপস্থিত হৈ ৰজা নাজ্জাশ্বীৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ধৰ্মটোক উপস্থাপন কৰিছিল। ফলত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু কৈছিলঃ আল্লাহৰ শপত! এইটো সেই জ্যোতি, যিটোক মুছা আলাইহিচ্ছালামে লৈ আহিছিল, ইয়াৰ উৎস এটাই। তেওঁৰ সম্প্ৰদায়েও তেওঁক আৰু তেওঁৰ সঙ্গীসকলক ধাৰাবাহিক নিৰ্যাতন চলাইছিল।
হজ্জৰ বতৰত মদীনাৰ পৰা অহা এটা দলে ঈমান আনিছিল আৰু তেখেতৰ হাতত ইছলাম গ্ৰহণ কৰিছিল, লগতে তেখেতক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল তথা বাইআত কৰিছিল। মদীনা তেতিয়া ইয়াছৰীব বুলি পৰিচিত আছিল। মক্কাত অৱশিষ্ট লোকসকলক মদীনালৈ হিজৰত কৰাৰ অনুমতি দিছিল। ফলত তেওঁলোকে তালৈ হিজৰত কৰিলে আৰু মদীনাত ইছলাম প্ৰচাৰ হ'ল। আনকি তাত এটা ঘৰো বাকী নাছিল য'ত ইছলাম প্ৰৱেশ কৰা নাছিল।
এতেকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কাত সুদীৰ্ঘ তেৰ বছৰ দাৱাতি কাম কৰাৰ পিছত আল্লাহে তেখেতক মদীনালৈ হিজৰত কৰাৰ অনুমতি প্ৰদান কৰিছিল। ফলত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ হিজৰত কৰিছিল আৰু দাৱাতৰ কাম অব্যাহত ৰাখিছিল। পৰ্যায়ক্ৰমে তাত ইছলামী চৰীয়তৰ বিধানবোৰ অৱতীৰ্ণ হৈছিল। ইয়াৰ পৰাই তেখেতে বিভিন্ন গোত্ৰৰ প্ৰধানলৈ আৰু সম্ৰাটসকললৈ ইছলামৰ পিনে আহ্বান কৰি চিঠি প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছিল। তেখেতে যিসকললৈ চিঠি প্ৰেৰণ কৰিছিল তাৰে অন্যতম হৈছেঃ ৰোমৰ সম্ৰাট, পাৰস্যৰ সম্ৰাট আৰু মিচৰৰ সম্ৰাট।
মদীনাত এবাৰ মানুহে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিলে, ফলত মানুহে ভীত-সন্ত্ৰস্ত হৈ পৰিল। দৈৱক্ৰমে সেইদিনাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পুত্ৰ ইব্ৰাহীমৰ মৃত্যু হৈছিল। সেয়ে মানুহে কোৱাকুই আৰম্ভ কৰিলে যে, ইব্ৰাহীমৰ মৃত্যুৰ ফলতেই সূৰ্যগ্ৰহণ লাগিছে চাগে।এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃজানি থোৱা! চন্দ্ৰ আৰু সূৰ্য গ্ৰহণ কাৰোবাৰ মৃত্যু অথবা কাৰোবাৰ জীৱন দানৰ ফলত নহয়। বৰং এই দুটা হৈছে আল্লাহৰ নিদৰ্শন। আল্লাহে ইয়াৰ দ্বাৰা তেওঁৰ বান্দাসকলক সতৰ্ক কৰে।মন কৰক, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যদি মিছলীয়া হ'লহেঁতেন তেন্তে নিশ্চয় নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ এই বিষয়টোকলৈ মানুহক মিছা ভয় দেখুৱালেহেঁতেন যে, চোৱা! মোৰ পুত্ৰৰ মৃত্যুত সূৰ্য্যগ্ৰহণ লাগিছে, কেনেকৈ তোমালোকে মোক অস্বীকাৰ কৰা!
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহে উৎকৃষ্ট চৰিত্ৰৰ দ্বাৰা সুসজ্জিত কৰিছিল। তেখেতৰ চৰিত্ৰ সম্পৰ্কে বৰ্ণনা কৰি আল্লাহে এইদৰে কৈছেঃ(وَإِنَّكَ لَعَلَىٰ خُلُقٍ عَظِيمٍ) আৰু নিশ্চয় আপুনি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।(ছুৰা আল-কলমঃ ৪)তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম সকলো প্ৰকাৰ উত্তম চৰিত্ৰৰে চৰিত্ৰৱান আছিল, যেনে- সততা, ইখলাচ, সাহসিকতা, ন্যায়পৰায়ণতা, প্ৰতিশ্ৰুতি পূৰণ আনকি বিবাদৰ সময়তো, উদাৰতা; লগতে তেখেতে দুখীয়া-দৰিদ্ৰ, বিধৱা, অভাৱী আদিক দান কৰি ভাল পাইছিল, সিহঁতৰ হিদায়তৰ প্ৰতি আগ্ৰহী আছিল, সিহঁতৰ প্ৰতি দয়া কৰিছিল। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম ইমান বিনয়ী আছিল যে, কেতিয়াবা কোনোবা অচিনাকী ব্যক্তি আহি ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে চাহাবাসকলক সুধিছিল অথচ তেখেত তেওঁলোকৰ মাজতেই উপস্থিত আছিল, তেখেতেক চিনিব পৰা নাছিল, ফলত সি এইদৰে প্ৰশ্ন কৰিবলগীয়া হৈছিল যে, আপোনালোকৰ মাজত মুহাম্মদ কোন?
সম্পূৰ্ণতাৰ ক্ষেত্ৰত তেখেতৰ চৰিত্ৰ আছিল এটা নিদৰ্শন আৰু তেখেতে শত্ৰু, বন্ধু, ওচৰৰ, দূৰৰ, সৰু, ডাঙৰ, পুৰুষ, মহিলা, জীৱ-জন্তু, পশু-পক্ষী সকলোৰে সৈতে আভিজাত্য ব্যৱহাৰ কৰিছিল।
আল্লাহে তেখেতৰ বাবে দ্বীনৰ যাৱতীয় বিধি-বিধান সম্পূৰ্ণ কৰাৰ পিছত, তথা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে সম্পূৰ্ণৰূপে বাৰ্তা পৌঁচাই দিয়াৰ পাছত ৬৩ বছৰ বয়সত তেখেতে মৃত্যুবৰণ কৰিছে। তাৰে ৪০ বছৰ নবুওৱতৰ পূৰ্বে অতিবাহিত কৰিছিল আৰু ২৩ বছৰ নবী তথা ৰাছুল হোৱাৰ পাছত অতিবাহিত কৰিছে।আৰু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক মদীনাত দাফন কৰা হৈছে। মৃত্যুৰ সময়ত তেখেতৰ কোনো সা-সম্পত্তি নাছিল আৰু কোনো মিৰাছো নাছিল। আছিল কেৱল এবিধ বগা খচ্চৰ, যিটোক তেখেতে বাহন হিচাপে ব্যৱহাৰ কৰিছিল। এডোখৰ মাটি আছিল যিটোক তেখেতে মুছাফিৰসকলৰ বাবে দান কৰি গৈছিল।
যিসকলে ইছলাম গ্ৰহণ কৰিছিল আৰু তেখেতক বিশ্বাস কৰিছিল তথা তেখেতক অনুসৰণ কৰিছিল তেওঁলোকৰ সংখ্যা বহুত, তেখেতৰ সৈতে বিদায়ী হজ্জত এক লাখতকৈও অধিক চাহাবাই হজ্জ কৰিছিল। এই হজ্জ পালন কৰিছিল তেখেতৰ মৃত্যুৰ প্ৰায় তিনি মাহ পূৰ্বে। সম্ভৱতঃ ইয়াৰ মাজত তেখেতৰ দ্বীনৰ সংৰক্ষণ আৰু প্ৰচাৰ- প্ৰসাৰৰ অন্যতম ৰহস্য আছিল। যিসকল চাহাবাক তেখেতে ইছলামী মূল্যবোধ আৰু নীতিৰ ওপৰত গঢ়ি তুলিছিল, তেওঁলোক ন্যায়পৰায়ণতা, পাৰ্থিৱ মোহ ত্যাগী, ধাৰ্মিকতা, আনুগত্য আৰু উদাৰতাৰ ক্ষেত্ৰত আছিল শ্ৰেষ্ঠ চাহাবা। সেইকাৰণেই তেওঁলোকে এই মহান দ্বীনৰ প্ৰতি ঈমান আনিছিল।
ঈমান, ইল্ম, আমল, ইখলাচ, বিশ্বাস, মেহনত, সাহসিকতা আৰু উদাৰতা আদিৰ ক্ষেত্ৰত আটাইতকৈ মহান চাহাবাসকল হৈছেঃ আবু বকৰ চিদ্দীক, ওমৰ ইবনুল খাত্তাব, উছমান ইবনে আফফান, আলী ইবনু আবি তালিব ৰাদ্বিয়াল্লাহু আনহুম। এওঁলোক হৈছে প্ৰথম শাৰীৰ ব্যক্তি, যিসকলে তেখেতৰ প্ৰতি ঈমান আনিছিল আৰু তেখেতক বিশ্বাস কৰিছিল।তেখেতৰ পিছত এওঁলোকেই আছিল তেখেতৰ প্ৰতিনিধি, যিসকলে তেখেতৰ মৃত্যুৰ পিছত দ্বীনৰ এই পতাকা বহন কৰিছিল। এওঁলোকৰ মাজত নবুওৱতৰ কোনো বিশেষত্ব নাছিল। অন্যান্য চাহাবাসকলৰ তুলনাতো এওঁলোকৰ কোনো বিশেষত্ব নাছিল।
তেখেতৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাবখনক, তেখেতৰ ছুন্নতক, তেখেতৰ জীৱনীক, তেখেতৰ কথা আৰু কৰ্মক আল্লাহে সেই ভাষাতেই সংৰক্ষিত কৰিছে যিটো ভাষা তেখেতে কৈছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনীক যিদৰে সংৰক্ষণ কৰা হৈছে ইতিহাসত এইদৰে জীৱনী সংৰক্ষণৰ কোনো নজিৰ পোৱা নাযায়। বৰং এই কথাও লিপিবদ্ধ কৰা হৈছে যে, তেখেতে কেনেকৈ শুইছিল, কেনেকৈ পানাহাৰ কৰিছিল আৰু কেনেকৈ হাঁহিছিল।ঘৰৰ ভিতৰত পৰিয়ালৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰিছিল সেই কথাও লিপিবদ্ধ আছে।তেখেতৰ প্ৰতিটো অৱস্থাক তেখেতৰ জীৱনী গ্ৰন্থত সুৰক্ষিত কৰি ৰখা হৈছে। তেখেত হৈছে মানৱ ৰাছুল, প্ৰভুত্বৰ কোনো গুণ তেখেতৰ মাজত নাছিল। নিজৰ উপকাৰ বা ক্ষতি কৰাৰ অধিকাৰো তেখেতৰ নাছিল।
আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক এনেকুৱা পৰিৱেশত প্ৰেৰণ কৰিছিল যেতিয়া পৃথিৱীৰ চাৰিওফালে কুফৰ, শ্বিৰ্ক আৰু অজ্ঞতাই প্ৰসাৰতা লাভ কৰিছিল। পৃথিৱীৰ বুকুত নিষ্ঠাভাৱে তথা শ্বিৰ্ক নকৰাকৈ আল্লাহৰ ইবাদত কৰিব পৰা কোনো পৰিৱেশ নাছিল। আছিল মাথোন আঙুলিত গণিব পৰা কিছুমান আহলে কিতাব। এনে অৱস্থাত আল্লাহে নবী আৰু ৰাছুলসকলৰ ধাৰাবাহিকতা সমাপ্ত কৰিবলৈ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিলে। তেখেত আছিল সৰ্বশেষ নবী তথা ৰাছুল। আল্লাহে তেখেতক গোটেই বিশ্বজগতৰ বাবে হিদায়ত আৰু দ্বীনসহ প্ৰেৰণ কৰিছিল। যাতে ইয়াক সকলো ধৰ্মৰ ওপৰত জয়যুক্ত কৰিব পাৰে। লগতে মানুহক যাতে মূৰ্ত্তিপূজা, কুফৰী আৰু অজ্ঞতাৰ অন্ধকাৰৰ পৰা উলিয়াই তাওহীদ আৰু ঈমানৰ পোহৰলৈ আনিব পাৰে। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালত আছিল পূৰ্বৱৰ্তী নবীসকলৰ ৰিছালতৰ পৰিপূৰক। আল্লাহে সকলো নবীৰ ওপৰত দয়া আৰু কৰুণা বৰ্ষণ কৰক।
তেখেতে সেই বাৰ্তাৰ প্ৰতিয়েই আহ্বান জনাইছিল, যি বাৰ্তাৰ প্ৰতি অন্যান্য নবী আৰু ৰাছুলসকলে আহ্বান জনাইছিল, নূহ, ইব্ৰাহীম, মুছা, ছুলাইমান, দাঊদ আৰু ঈছা। তেখেতসকলে এই কথাৰ প্ৰতি ঈমান আনিবলৈ আহ্বান জনাইছিল যে, প্ৰতিপালক হৈছে আল্লাহ তাআলা, তেৱেঁই সৃষ্টিকৰ্তা, জীৱিকাদাতা, জীৱন দানকাৰী, মৃত্যু প্ৰদানকাৰী, ৰজাধিৰাজ। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে, তেওঁ অতি স্নেহশীল, পৰম দয়ালু। বিশ্বজগতত থকা সকলোকে নিশ্চিতভাৱে আল্লাহেই সৃষ্টি কৰিছে, যিবোৰ আমি দেখা পাওঁ আৰু যিবোৰক দেখা নাপাওঁ। আল্লাহৰ বাহিৰে সকলোৱে তেওঁৰ সৃষ্টি।
এইদৰে এককভাৱে আল্লাহৰ ইবাদতৰ প্ৰতি আহ্বান কৰিছিল আৰু তেওঁৰ বাহিৰে আন কাৰো ইবাদত কৰিবলৈ নিষেধ কৰিছিল। এই কথা স্পষ্টভাৱে বৰ্ণনা কৰিছিল যে, নিশ্চয় ইবাদত, ৰাজত্ব, সৃষ্টি কৰা আৰু নিয়ন্ত্ৰণ কৰা আদি কোনো ক্ষেত্ৰতেই আল্লাহৰ কোনো অংশীদাৰ নাই, তেওঁ একক তথা অদ্বিতীয়। এই কথাও স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, আল্লাহে জন্ম গ্ৰহণ কৰা নাই আৰু কাকো জন্মও দিয়া নাই। তেওঁৰ সমতুল্যও কোনো নাই আৰু সমকক্ষও কোনো নাই। তেওঁ কোনো সৃষ্টিৰ ভিতৰতো প্ৰৱেশ নকৰে আৰু কোনো ৰূপও ধাৰণ নকৰে।
লগতে ঐশী গ্ৰন্থসমূহৰ প্ৰতিও ঈমান আনিবলৈ আহ্বান জনাইছিল, যেনে- ছুহুফে ইব্ৰাহীম আৰু ছুহুফে মুছা, তাওৰাত, ঝাবুৰ আৰু ইঞ্জীল আদিৰ প্ৰতি। এইদৰে সকলো ৰাছুলৰ প্ৰতি ঈমান আনিবলৈ আহ্বান জনাইছিল। আনকি যিয়ে এজন নবীকো অস্বীকাৰ কৰিব সি সকলো নবীকেই অস্বীকাৰ কৰা বুলি গণ্য হ'ব।
সকলো মানুহকেই আল্লাহৰ ৰহমতৰ সুসংবাদ দিছিল। লগতে এই কথা অৱগত কৰিছিল যে, পৃথিৱীত সিহঁতক চোৱাচিতা কৰিবলৈ আল্লাহেই যথেষ্ট, আৰু একমাত্ৰ আল্লাহেই হৈছে দয়ালু প্ৰতিপালক। কিয়ামতৰ দিনা একমাত্ৰ তেৱেঁই সকলো সৃষ্টিক কবৰৰ পৰা পুনৰুত্থিত কৰি হিচাপ-নিকাচ গ্ৰহণ কৰিব। তেৱেঁই মুমিনসকলক তেওঁলোকৰ সৎকৰ্মৰ দহ গুণ বৃদ্ধি কৰি ছোৱাব প্ৰদান কৰিব আৰু পাপকৰ্মৰ প্ৰতিদান দিব সেই পাপকৰ্ম অনুপাতেই। আখিৰাতত তেওঁলোকে নিয়ামতৰ মাজত অৱস্থান কৰিব। আনহাতে যিসকলে কুফৰী কৰিব আৰু পাপকৰ্ম কৰিব সিহঁতে পৃথিৱী আৰু আখিৰাত উভয় স্থানতে ইয়াৰ প্ৰতিফল লাভ কৰিব।
ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও নিজৰ বংশৰ তথা দেশৰ অথবা নিজকলৈ গৌৰৱ কৰা নাছিল। বৰং কোৰআনে কাৰীমতো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামতকৈ অন্যান্য নবী যেনে- নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামৰ নাম বেছি উল্লেখ হৈছে। আনকি তেখেতৰ মাকৰ নাম আৰু তেখেতৰ স্ত্ৰীসকলৰ নামো কোৰআনত উল্লেখ হোৱা নাই। অথচ কোৰআনত মুছা আলাইহিচ্ছালামৰ মাকৰ বিষয়ে একাধিক ঠাইত উল্লেখ হৈছে। মৰিয়ম আলাইহাচ্ছালামৰ বিষয়ে ৩৫ বাৰ উল্লেখ হৈছে।
ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম চৰীয়তৰ পৰিপন্থী বিষয়ৰ পৰা পৱিত্ৰ আছিল, লগতে বিবেক বুদ্ধি, ফিতৰত বা স্বভাৱ আদিৰ পৰিপন্থী বিষয়ৰ পৰা তথা প্ৰত্যেক সেই চৰিত্ৰৰ পৰা পৱিত্ৰ আছিল যিটোক সুস্থ বিবেকে গ্ৰহণ নকৰে। আল্লাহৰ তৰফৰ পৰা বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত সকলো নবীয়েই আছিল নিৰ্দোষ। কাৰণ তেওঁলোক আছিল আল্লাহৰ আদেশ বান্দাসকলৰ ওচৰলৈ পৌঁচাই দিয়াৰ ক্ষেত্ৰত দায়িত্বশীল। কোনো নবীৰ ভিতৰতেই প্ৰভুত্বৰ বিশেষত্ব তথা ইবাদতৰ যোগ্য হোৱাৰ বিশেষত্ব নাছিল। বৰং তেওঁলোক সকলোৱে অন্যান্য মানুহৰ দৰেই মানৱ আছিল। পাৰ্থক্য কেৱল এইখিনি যে, তেওঁলোকৰ প্ৰতি আল্লাহৰ বাৰ্তা অহী যোগে অৱতীৰ্ণ হয়।
ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালতৰ অন্যতম এটা ডাঙৰ নিদৰ্শন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা অহী, যিটো আজিও সেই অৱস্থাতেই বিদ্যমান আছে যিদৰে তেখেতৰ জীৱনকালত আছিল। যি অহীক কোটি কোটি মুছলমানে অনুসৰণ কৰে। তেওঁলোকে চৰীয়তৰ ওৱাজিবসমূহ পালন কৰে, যেনে- চালাত, যাকাত, চিয়াম, হজ্জ আদি। যিবোৰ কোনো ধৰণৰ পৰিবৰ্তন বা বিকৃত হোৱা নাই।
আল্লাহে নবীসকলক এনেকুৱা নিদৰ্শনৰ দ্বাৰা সমৰ্থন কৰিছিল যিবোৰে তেওঁলোকৰ নবুওৱতৰ প্ৰমাণ বহন কৰিছিল, আৰু তেওঁলোকৰ ৰিছালতৰ অকাট্য প্ৰমাণ প্ৰস্তুত কৰিছিল। আল্লাহে প্ৰতিজন নবীৰ বাবে এনেকুৱা নিদৰ্শন প্ৰেৰণ কৰিছে যিবোৰ প্ৰত্যক্ষ কৰাৰ পাছত মানুহৰ বাবে নিজৰ দৰেই এজন মানুহৰ প্ৰতি ঈমান আনিবলৈ যথেষ্ট। নবীসকলক প্ৰদান কৰা নিদৰ্শনসমূহৰ মাজত আটাইতকৈ ডাঙৰ নিদৰ্শন হৈছে আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিদৰ্শনসমূহ। আল্লাহে তেখেতক কোৰআনে কাৰীম প্ৰদান কৰিছে। এই নিদৰ্শনটো কিয়ামত পৰ্যন্ত অৱশিষ্ট থাকিব। এইদৰে আল্লাহে তেখেতক বিভিন্ন অলৌকিকতাৰ জৰিয়তেও সমৰ্থন কৰিছে। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক বহুতো অলৌকিকতা প্ৰদান কৰা হৈছিল তাৰে অন্যতম হৈছে-
ইছৰা আৰু মেৰাজ, চন্দ্ৰ বিদীৰ্ণ। লগতে বৰষুণ নোহোৱাত দুআ কৰাৰ পিছত বৰষুণ হোৱা, এনেকুৱা ঘটনা কেইবাবাৰো সংঘটিত হৈছে।
অলপ পৰিমাণ খাদ্য দ্ৰৱ্য তথা অলপ পৰিমাণ পানী অসংখ্য লোকৰ বাবে যথেষ্ট হোৱা।
সবিশেষ নজনা অতীতৰ বহুতো গায়েবী বিষয় সম্পৰ্কে সংবাদ দিয়া, যেনে আল্লাহে তেখেতক জনোৱা পূৰ্বৱৰ্তী নবীসকলৰ তথ্য আৰু তেওঁলোকৰ সম্প্ৰদায়সমূহৰ তথ্য সম্পৰ্কে সংবাদ দিয়া। আচহাবে কাহাফ সম্পৰ্কে বৰ্ণনা কৰা।
আল্লাহে অৱগত কৰা ভৱিষ্যতৰ গায়েবী বিষয় সম্পৰ্কে সংবাদ দিয়া, উদাহৰণস্বৰূপে সেই অগ্নিৰ সংবাদ যিটো হিজাজৰ পৰা ওলাব আৰু শ্বামৰ মানুহেও দেখা পাব। ওখ ওখ অট্টালিকা সম্পৰ্কে আগজাননী আদি।
এইটোও এটা নিদৰ্শন যে, আল্লাহেই তেওঁৰ বাবে যথেষ্ট আৰু তেৱেঁই মানুহৰ পৰা তেখেতক সুৰক্ষিত ৰাখিছে।
তেখেতৰ এই কথাৰ বাস্তৱ প্ৰমাণ যিটো তেখেতে চাহাবাসকলক কৈছিলঃনিশ্চয় তোমালোকে পাৰস্য আৰু ৰোমৰ ওপৰত বিজয় লাভ কৰিবা আৰু নিশ্চিতভাৱে তোমালোকে এই দুয়ো সাম্ৰাজ্যৰ সঞ্চিত সম্পদ আল্লাহৰ পথত ব্যয় কৰিবা।
লগতে আল্লাহে তেখেতক ফিৰিস্তাসকলৰ দ্বাৰাও সহায় সমৰ্থন আগবঢ়াইছিল।
পূৰ্বৱৰ্তী নবীসকলেও মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে তেওঁলোকৰ নিজ নিজ উম্মতক সুসংবাদ দিছিল। নিজ নিজ উম্মতক সুসংবাদ দিয়া নবীসকলৰ মাজত আছে বনী ইছৰাঈলৰ নবী মুছা, দাঊদ, ছুলাইমান, ঈছা প্ৰমুখ নবীসকল।
লগতে যুক্তি প্ৰমাণৰ দ্বাৰা আৰু এনেকুৱা উপমা উদাহৰণৰদ্বাৰা সমৰ্থন আগবঢ়াইছে যিবোৰক সুস্থ বিবেকে সহজে স্বীকাৰ কৰে।
এইবোৰ নিদৰ্শন, অলৌকিকতা, দলিল-প্ৰমাণ, যৌক্তিক উপমা-উদাহৰণ আদি কোৰআন আৰু হাদীছত উল্লেখ আছে। নিদৰ্শনৰ সংখ্যা বহুত। সবিশেষ জানিব বিচৰা ইচ্ছুক ব্যক্তিয়ে কোৰআনে কাৰীম, হাদীছৰ কিতাবসমূহ আৰু জীৱনীগ্ৰন্থসমূহ অধ্যয়ন কৰি চাব পাৰে। নিশ্চিতভাৱে তাত এইবোৰ নিদৰ্শনৰ নিৰ্ভৰযোগ্য সংবাদ পাব।
এই মহান নিদৰ্শনবোৰ প্ৰকাশ নাপালে নিশ্চয় কুফফাৰে কুৰাইশ্ব, আৰু আৰব দ্বীপত বসবাস কৰা ইয়াহুদী আৰু খৃষ্টানসকলে বিবাদ কৰিলেহেঁতেন, আৰু তেখেতক মিছা প্ৰমাণিত কৰাৰ আৰু মানুহক তেখেতৰ পৰা আঁতৰাই ৰখাৰ সুযোগ পালেহেঁতেন।
কোৰআনে কাৰীম হৈছে সেই গ্ৰন্থ যিখনক আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছে। এইখন হৈছে বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাণী। মহান আল্লাহে জিন আৰু মানুহক প্ৰত্যাহ্বান জনাই কৈছে যে, যদি তোমালোকে ইয়াৰ সমতুল্য কোনো গ্ৰন্থ ৰচনা কৰিব পাৰা তেন্তে কৰি আনা, অথবা পাৰা যদি ইয়াৰ ছুৰাৰ দৰে এটা ছুৰাকেই ৰচনা কৰি আনাচোন। এই প্ৰত্যাহ্বান আজিলৈকে বিদ্যমান আছে। কোৰআনে কাৰীমে এনেকুৱা বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়ে যিবোৰ উত্তৰ পাই বহুতো মানুহে হতভম্ব হয়। কোৰআনে কাৰীম আজিলৈকে সেই আৰবী ভাষাতেই সুৰক্ষিত আছে যি ভাষাত অৱতীৰ্ণ হৈছিল। এটা আখৰো বিকৃত হোৱা নাই। এইখন প্ৰকাশিত তথা প্ৰচাৰিত। এইখন এখন অলৌকিকতাপূৰ্ণ মহান গ্ৰন্থ। মানুহৰ প্ৰতি অৱতীৰ্ণ হোৱা এইখন হৈছে আটাইতকৈ মহান গ্ৰন্থ। অধিক পঠিত আৰু ইয়াৰ অনুবাদো অধিক পঠিত। যি ব্যক্তিয়ে ইয়াৰ বিষয়ে নাজানে তথা যিয়ে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই, সি দৰাচলতে সকলো কল্যাণৰ পৰাই বঞ্চিত হৈছে।এইদৰে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত, তেখেতৰ দিশ-নিৰ্দেশনা, তেখেতৰ জীৱনী আদি নিৰ্ভৰযোগ্য সূত্ৰৰ দ্বাৰা সেই আৰবী ভাষাতেই সংৰক্ষিত আছে যি ভাষাত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কথা পাতিছিল, পঢ়িলে এনেকুৱা লাগে যেনিবা তেখেত আমাৰ মাজত এতিয়াও আছে। এইবোৰ বহুতো ভাষাত অনুবাদো হৈছে। কোৰআনে কাৰীম আৰু ৰাছুলৰ হাদীছ হৈছে ইছলামী চৰীয়তৰ একমাত্ৰ উৎস।
ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তটো হৈছে ইছলামী চৰীয়ত। এইখনেই হৈছে সৰ্বশেষ ঐশী চৰীয়ত তথা সৰ্বেশেষ ঐশী বাৰ্তা। পূৰ্বৱৰ্তী নবীসকলৰ চৰীয়তৰ মৌলিক বিষয়বোৰৰ সৈতে ইয়াৰ মিল আছে, কেৱল শাখা-প্ৰশাখামূলক বিষয়বোৰত তথা ধৰণ-গঠণত পাৰ্থক্য আছে।
এইটো এটা পৰিপূৰ্ণ চৰীয়ত তথা প্ৰত্যেক ঠাই আৰু প্ৰত্যেক সময়ৰ বাবে উপযুক্ত। ইয়াৰ মাজতেই আছে মানুহৰ দ্বীন আৰু দুনিয়াৰ কল্যাণ। এই চৰীয়তটো সেইসমূহ ইবাদতৰ দ্বাৰা গঠিত যিবোৰ ইবাদত বিশ্বজগতৰ প্ৰতিপালকে বান্দাৰ বাবে অনিবাৰ্য কৰিছে, যেনে- চালাত, যাকাত আদি। এই চৰীয়তৰ মাজত মানুহৰ বাবে আৰ্থিক, সামাজিক, ৰাজনৈতিক আৰু যুদ্ধ সম্পৰ্কীয় বৰ্ণনা আছে, লগতে বৈধ আৰু নিষিদ্ধ অৱস্থা সম্পৰ্কেও উল্লেখ আছে, যিবোৰ মানৱ জীৱনত অনায়াসে প্ৰয়োজন হয়।
এই চৰীয়তে মানুহৰ দ্বীন, ৰক্ত, মান-সন্মান, ধন-সম্পদ, বিবেক-বুদ্ধি আৰু বংশ পৰিচয় আদিক সুৰক্ষিত কৰে। এই চৰীয়ত সকলো প্ৰকাৰ গুণ আৰু পূণ্যৰ দ্বাৰা গঠিত। মানুহক প্ৰত্যেক নিকৃষ্ট তথা অশ্লীলতাৰ পৰা বিৰত ৰাখে। লগতে মানৱীয়তা, মধ্যমপন্থা, ন্যায়, নিষ্ঠা, পৰিস্কাৰ-পৰিচ্ছন্নতা, পৰিপূৰ্ণতা, মুহাব্বত, মানুহৰ বাবে কল্যাণ পছন্দ কৰা, উপকাৰ কৰা আদিৰ প্ৰতি তথা দেশৰ নিৰাপত্তাৰ প্ৰতি আহ্বান কৰে। লগতে মানুহক আতংকিত কৰিবলৈ আৰু বিনা কাৰণত ভয় দেখুৱাবলৈ হাৰাম কৰিছে। ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে অন্য়ায়-অত্যাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰ্বতো প্ৰকাৰে যুদ্ধ কৰিছিল। এইদৰে তেখেতে কুসংস্কাৰ, বিচ্ছিন্নতাবাদ আৰু বৈৰাগ্যবাদীৰ বিৰোধিতা কৰিছিল।
ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, আল্লাহে মানৱজাতিক- পুৰুষ হওক অথবা নাৰী- মৰ্যাদা প্ৰদান কৰিছে, আৰু তেওঁলোকৰ যাৱতীয় অধিকাৰৰ দায়িত্ব তেওঁ গ্ৰহণ কৰিছে। লগতে মানুহক সিহঁতৰ সকলো এখতিয়াৰ, কৰ্ম আৰু আচৰণৰ দায়িত্বশীল বনাইছে। নিজৰ আৰু আনৰ ক্ষতি হ'ব পৰা প্ৰত্যেক কৰ্মৰ দায় ভাৰ মানুহে নিজেই বহন কৰিব লাগিব। ঈমান, দায়িত্ব, প্ৰতিফল তথা ছোৱাব আদিৰ ক্ষেত্ৰত নাৰী পুৰুষৰ মাজত কোনো পাৰ্থক্য নাই। এই চৰীয়তে মা, স্ত্ৰী, জীয়েক আৰু বা-ভণী হিচাপে নাৰীসকলৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰিছে।
ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তে বিবেক-বুদ্ধিক সুৰক্ষা প্ৰদান কৰিছে, সেয়ে প্ৰত্যেক এনেকুৱা বস্তুক হাৰাম কৰিছে যিটোৱে বিবেক-বুদ্ধিক প্ৰভাৱিত কৰে, যেনে- মাদক দ্ৰৱ্য সেৱন কৰা। এতেকে ইছলাম হৈছে এটা আলোকিত ধৰ্ম, যি ধৰ্মই বিবেকক পথ দেখাৰ পোহৰ দিয়ে, যাতে মানুহে জ্ঞান বুদ্ধিৰ জৰিয়তে নিজ প্ৰতিপালকৰ ইবাদত কৰিব পাৰে। সেইকাৰণেই ইছলামী চৰীয়তে বিবেকক উচ্চ স্থান প্ৰদান কৰিছে আৰু ইয়াক দায়িত্ব পালনৰ চৰ্ত হিচাপে গ্ৰহণ কৰিছে আৰু ইয়াক কুঃসংস্কাৰ আৰু মূৰ্ত্তিপূজাৰ শৃঙ্খলৰ পৰা মুক্ত কৰিছে।
ইছলামী চৰীয়তে সঠিক জ্ঞানক সন্মান কৰে। প্ৰবৃত্তিৰ পৰা আঁতৰি গৱেষণা কৰিবলৈ উৎসাহিত কৰে। নিজৰ শৰীৰ আৰু বিশ্বজগতকলৈ চিন্তা-চৰ্চা কৰিবলৈ আহ্বান কৰে। বিজ্ঞানৰ সঠিক তথ্যই কেতিয়াও ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ সৈতে মতবিৰোধ নকৰে।
ইছলামী চৰীয়তত মানুহৰ কোনো বিশেষ বৰ্গৰ সৈতে আন এটা বৰ্গৰ মাজত কোনো পাৰ্থক্য নাই। কোনো গোত্ৰৰ ওপৰত আন এটা গোত্ৰৰ প্ৰাধান্য নাই। চৰীয়তৰ বিধি-বিধানৰ সন্মুখত সকলোৱে সমান। কাৰণ প্ৰতিজন মানুহৰ মূল একেই। সেয়ে কাৰো ওপৰত কাৰো প্ৰাধান্য নাই, আৰু কোনো সম্প্ৰদায়ৰ ওপৰতো কোনো সম্প্ৰদায়ৰ প্ৰাধান্য নাই। কিন্তু তাক্বৱাৰ বিষয়টো সুকীয়া। ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, প্ৰতিজন নৱজাতক ইছলামৰ ওপৰতেই জন্ম গ্ৰহণ কৰে। কোনো মানুহেই জন্মগতভাৱে পাপী নহয় অথবা আনৰ পাপকৰ্মৰ উত্তৰাধিকাৰীও নহয়।
ইছলামী চৰীয়তত আল্লাহে তাওবাৰ সুযোগ প্ৰদান কৰিছে। তাওবা হৈছেঃ পাপকৰ্ম পৰিত্যাগ কৰি নিজ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰা। ইছলাম গ্ৰহণ কৰিলে পূৰ্বৱৰ্তী সকলো পাপ মোচন হৈ যায়। আনহাতে তাওবা কৰিলে পূৰ্বৱৰ্তী সকলো গুনাহ মাফ হৈ যায়। নিজৰ গুনাহ সম্পৰ্কে কোনো মানুহৰ ওচৰত স্বীকাৰ কৰাৰ প্ৰয়োজন নাই। এতেকে ইছলামত মানুহে আল্লাহৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক স্থাপন কৰিব পাৰে। আল্লাহ আৰু বান্দাৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ কোনো তৃতীয় ব্যক্তিৰ প্ৰয়োজন নহয়। এতেকে ইছলামে কোনো মানুহক উপাস্য হিচাপে গ্ৰহণ কৰিবলৈ তথা আল্লাহৰ ৰূবুবিয়্যত (প্ৰভুত্ব) উলুহিয়্যত (উপাসনা) আদিত অংশীদাৰ স্থাপন কৰিবলৈ কঠোৰভাৱে নিষেধ কৰে।
ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তে পূৰ্বৱৰ্তী সকলো চৰীয়তকে ৰহিত কৰিছে। কিয়নো ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ইছলামী চৰীয়তেই হৈছে আল্লাহৰ ফালৰ পৰা অহা সৰ্বশেষ চৰীয়ত যিটো কিয়ামত পৰ্যন্ত বাহাল থাকিব। এই চৰীয়ত গোটেই বিশ্বৰ বাবে প্ৰযোজ্য। সেইকাৰণেই পূৰ্বৱৰ্তী চৰীয়তসমূহ ৰহিত হৈছে, যিদৰে পূৰ্বৱৰ্তী চৰীয়তসমূহে এটাই আনটোক ৰহিত কৰিছিল। মহান আল্লাহে ইছলামী চৰীয়তৰ বিপৰীতে আন কোনো চৰীয়তক গ্ৰহণ নকৰিব আৰু ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ধৰ্মৰ বাহিৰেও আন কোনো ধৰ্মক গ্ৰহণ নকৰিব। ইছলামৰ বাহিৰে যিয়েই আন কোনো ধৰ্ম গ্ৰহণ কৰিব, তাৰ পৰা সেই ধৰ্ম কেতিয়াও গ্ৰহণ কৰা নহ'ব। এই চৰীয়ত সম্পৰ্কে সবিশেষ জানিব বিচৰা ইচ্ছুক ব্যক্তিয়ে ইছলামী চৰীয়তৰ নিৰ্ভৰযোগ্য কিতাপসমূহ অধ্যয়ন কৰি চাব পাৰে।
ইছলামী চৰীয়তৰ উদ্দেশ্য, বৰং প্ৰত্যেক ঐশীধৰ্মৰ উদ্দেশ্য হৈছেঃ মানুহে যাতে সঠিক ধৰ্ম গ্ৰহণ কৰিব পাৰে আৰু যাতে বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ নিষ্ঠাৱান বান্দাত পৰিণত হ'ব পাৰে। এইদৰে মানুহৰ আৰু আৰ্থিক দাসত্বৰ পৰা আৰু কুঃসংস্কাৰৰ পৰা মুক্তি প্ৰদান কৰাটোৱে হৈছে ইয়াৰ মূল উদ্দেশ্য।
নিশ্চয় ইছালামী চৰীয়ত প্ৰত্যেক স্থান আৰু সময়ৰ বাবে উপযুক্ত। ইয়াৰ মাজত মানুহৰ সঠিক স্বাৰ্থৰ পৰিপন্থী একো নাই। কিয়নো এই চৰীয়ত আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, আৰু তেওঁ মানুহৰ প্ৰয়োজন সম্পৰ্কে নিশ্চিত অৱগত। মানুহৰ নিজৰ মাজত এটা সঠিক চৰীয়তৰ খুবেই প্ৰয়োজন। যি চৰীয়তৰ মাজত কোনো মতবিৰোধ নাই। যিটো মানৱজাতিৰ বাবে উপযুক্ত, যিটো মানৱ ৰচিত নহয়, বৰং আল্লাহৰ ফালৰ পৰা প্ৰাপ্ত। যি চৰীয়তে মানুহক হিদায়ত তথা কল্যাণৰ পথ দেখুৱাব। যি চৰীয়তৰ প্ৰতি আমল কৰিলে সকলো বিষয় সুচাৰুৰূপে পৰিচালিত হ'ব। ইজনে সিজনৰ অন্যায়-অত্যাচাৰৰ পৰা সুৰক্ষিত থাকিব।
এই কথাত কোনো সন্দেহ নাই যে, প্ৰত্যেক নবীৰ বিৰোধিতা কৰা হৈছিল তথা তেওঁলোকৰ শত্ৰু আছিল আৰু তেওঁলোকৰ দাৱাতৰ পথত থিয় দিছিল, আনকি মানুহক তেওঁলোকৰ প্ৰতি ঈমান আনিবলৈ বিৰত ৰাখিছিল। ঠিক সেইদৰে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰো বহুতো বিৰোধী তেখেতৰ জীৱনকালতো আছিল আৰু মৃত্যুৰ পিছতো আছে। আল্লাহে তেখেতক সিহঁতৰ বিপক্ষে সহায় কৰিছে। সিহঁতৰ মাজৰ -প্ৰবীন আৰু নবীন- বহুতেই এই সাক্ষ্য প্ৰদান কৰিছে যে, নিশ্চয় তেখেত হৈছে এজন নবী। পূৰ্বৱৰ্তী নবীসকলৰ দৰেই তেখেতে চৰীয়ত লৈ আগমন কৰিছে। সিহঁতে নিশ্চিতভাৱে জানিছিল যে, তেখেত সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল, কিন্তু সিহঁতৰ মাজৰ বহুতেই বিভিন্ন কাৰণত ঈমান পোষণ কৰা নাছিল, যেনে- ক্ষমতাৰ মোহত পৰি, অথবা সমাজৰ ভয়ত নাইবা ধন-সম্পদ হেৰুৱাৰ ফলত যিটো সিহঁতে বিভিন্ন পদৱীত থাকি অৰ্জন কৰিছে।
আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।
লেখকঃ ড. মুহাম্মদ বিন আব্দুল্লাহ আচ-ছুহাইম
ইছলামী গৱেষণা প্ৰশিক্ষণ বিভাগৰ প্ৰাক্তন আক্বীদাহ বিষয়ক শিক্ষক
ইডুকেচন ডিপাৰ্টমেণ্ট, মালিক ছঊদ বিশ্ববিদ্যালয়
ৰিয়াদ, ছৌদি আৰব
পৱিত্ৰ ইছলামৰ বাৰ্তাবাহক বা ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।
১- তেখেতৰ নাম, বংশ পৰিচয় আৰু তেখেতে জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা নগৰ সম্পৰ্কে বৰ্ণনা।
২- বৰকতময় মহিলাৰ সৈতে তেখেতৰ বিবাহ।
৫- তেখেতৰ নবুওৱতৰ নিদৰ্শনসমূহ আৰু ইয়াৰ সংকেত তথা প্ৰমাণ সম্পৰ্কে বৰ্ণনা
৬- ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়ত সম্পৰ্কে বৰ্ণনা